শেষৰো শেষ ঠিকণা অতীত বুলিবলৈ বাট লাখুটি এডালেই কেৰাচিন চাকি পোহৰৰ জুপুৰি এটা অতীত বুলিবলৈ কিনো আছে সাঁচতীয়া টোপোলাত কেইবাটাও ফুটা। ধুমুহাৰ বাউলী চুলি কিমান আমনি মেঘে ঢকা ঢেৰেকণি ভয়াবহ কিমান চকা - মকা বিজুলীয়ে কব গেজেপনি আন্ধাৰ কিমান জয়াল নৈঃশব্দতা পোহৰ বুলি এন্ধাৰৰ যাত্ৰা। শেষৰ খুটিত ধেনুভিৰীয়া জিৰণি য'ত মাত্ৰ এৰেহা কইতালিৰ পানী ছাঁই আৰু ধূলিৰ পৃষ্ঠা মাটিৰ আমি মাটিতে বিলীন কবৰত শেষ ঠিকনা।
Posts
Showing posts from October, 2018
- Get link
- X
- Other Apps
ভিলেইজ ৰক ষ্টাৰ চালো - মেঘালী গগৈ। ৩০/৯/২০১৮ ভিলেইজ ৰ'ক ষ্টাৰ চালো বুলি হাতচাপৰি বজাই বজাই হাঁহি আছো আমি হেনো নগৰীয়া হৈ গৈছিলো। নগৰীয়া হোৱাতনো কি অপৰাধ উন্মাদৰ দিনলিপিত কিহৰ অজুহাত আধুনিকতাক দোহাই দি জনাকৈ সাজি লৈছো পিঞ্জৰা ভাটৌ --- তই মাত, তই মাত শিক্ষাৰ আদিপাঠ মাহ কৰাই কোঁচ ভৰাই ,কোঁচতে দিম। মুকলি পথাৰৰ মাজে জুপুৰিৰ কণমইনাই গৰখীয়া নাম জুৰে চিঞৰি চিঞৰি নগৰৰ দেৱালত ঠেকা খাই পৰে নগৰে পাতিলে সভা ৰং বিৰঙৰ পোহৰত আতচবাজিৰ মেলা পিঞ্জৰাৰ ভাটৌ গ'ল বাতায়নী গাড়ীত যন্ত্ৰৰ ঢেকীয়া লতাত সেউজীয়া বিচাৰি উদাস চকুৰে চালে মাত্ৰ চালে বোকা পানীৰ ভৌগলিক সীমা কি কিবা জানো বুজি পালে ? উশাহৰ বতাহ ও আছিল বন্ধা। এতিয়া যি বতাহ বলিছে ঠিকেই উৰুখা উদং অহংকাৰে লাজ পাব ফুট তোলা গছবোৰে জিৰণি লব বিশাল অৰণ্যৰ সেউজীয়াৰ বুকুত তেপৰ টেঙা বুটলিব ঢকুৱাৰ বিছনীৰে শীতলাব দেহা ঢেকীয়া কচুলটি কি বুলি নুসুধিব নুসুধিব মা।