নিৰ্দোষ ধেমালি বুলি ভাবিব পাৰো ------------------------------------------------ নিৰ্দোষ ধেমালি বুলিয়ে ভাবিছো কাৰণ ধুমুহাৰ প্ৰৱল গতিটো মন মগজু আছিল বিকল। ৰৌদ্ৰৰ প্ৰখৰতাত গাল গুলপীয়া হ'লেও আইনা চাব নাজানিছিলো জেকা বনত দুভৰি পৰিলেও নাক কোচোৱাৰ বাদে হাতৰ আঙুলীকেইটা একো একোটা জঠৰতাত ভোগা বেমাৰী। দেহৰ অচল কীটানুবোৰ শ আসনতে ওপৰমুৱা নিথৰ জ্বালামুখী উদ্গীৰণ! এটা অবান্তৰ প্ৰশ্ন। কিন্তু ,আজিকালি অলৌগুটি তলৌগুটি খেলি থাকো প্ৰায়ে কি পাওঁ ,সেয়াই পাওঁ বন্ধ দুহাত। পোহৰে পোহৰে কোন আহি গুছি গ'ল অপলক দৃষ্টিত শূণ্য আলিবাট, আন্ধাৰত তিৰেবিৰাই মেকুৰী দুচকু গোহালিৰ কাজলীজনীৰ দুটি চকু বিজুলীৰ সৰকে পুৱতিৰ ৰাতি, ৰাতিৰ পাহাৰত বিমূৰ্ত ছাঁয়া ছবি ক্ষণিক হাবিয়াস।
Posts
Showing posts from June, 2018
- Get link
- X
- Other Apps
মকবুল ফিদাৰ গজগামিনী --মেঘালী ৰাজকুমাৰী অলপ পোহৰ অলপ ছাঁ অলপ নীলা অলপ বেঙুনীয়া অলপ আৱেগ অলপ হেঙুল হাইতাল গহীন স্বৰত সমুদ্ৰৰ গান। এই যেন পাহী মেলিব ফুলে স্নানগাৰত স্নান কৰিব সদ্যযৌৱনা এপদ এপকৈ খুলিব দেহৰ আবুৰ কিন্তু! নেদেখা তাই অনাবৃত্ততা সৌন্দৰ্য মাত্ৰ সৌন্দৰ্য নিৰ্মল নীলা পানীত গোলপীয়া পদুমৰ চকা গজগামিনী। উহঃ কিমান আৰু ছাঁ পোহৰৰ খেলাত নিমগ্ন হওঁ জিভাই লিকলিকাই আছে মগ্নতাৰ শেষ প্ৰান্তত আচাৰি চালো তোমাৰ অকনমান পোহৰ আহঃ তৃপ্ত মই চকুহাল মুদি উপভোগৰ সময় এইয়া । এতিয়া মোৰ প্ৰশ্ন ফিদা কি আছিল ইয়াত যাৰ বাবে স্বদেশৰ পৰা নিৰ্বাসিত? দেশৰ কোম্পানীবোৰে নাৰীৰ উদং দেহক লৈ কোটি কোটি ধনৰ পাহাৰ সাজিছে সমাজ ,আইনে উজান দিছে, জ্ঞান অনাবুৰ এই সত্য জানিও উপহাসৰ যি কলা ছাঁ তোমাৰ দেহত চটিয়াই ক্ষত বিক্ষত হৃদয়, তাৰ পৰিণাম চিন্থেটিক পাতল কাপোৰৰ আঁৰত দৌৰি আছে সমাজ চকু মুদা কুলিৰ ৰঙীন ...