মকবুল ফিদাৰ গজগামিনী
--মেঘালী ৰাজকুমাৰী
অলপ পোহৰ অলপ ছাঁ
অলপ নীলা অলপ বেঙুনীয়া
অলপ আৱেগ অলপ হেঙুল হাইতাল
গহীন স্বৰত সমুদ্ৰৰ গান।
এই যেন পাহী মেলিব ফুলে
স্নানগাৰত স্নান কৰিব সদ্যযৌৱনা
এপদ এপকৈ খুলিব দেহৰ আবুৰ
কিন্তু! নেদেখা তাই অনাবৃত্ততা
সৌন্দৰ্য মাত্ৰ সৌন্দৰ্য
নিৰ্মল নীলা পানীত গোলপীয়া পদুমৰ চকা
গজগামিনী।
উহঃ কিমান আৰু ছাঁ পোহৰৰ খেলাত
নিমগ্ন হওঁ
জিভাই লিকলিকাই আছে
মগ্নতাৰ শেষ প্ৰান্তত আচাৰি চালো
তোমাৰ অকনমান পোহৰ
আহঃ তৃপ্ত মই
চকুহাল মুদি
উপভোগৰ সময় এইয়া ।
এতিয়া মোৰ প্ৰশ্ন ফিদা
কি আছিল ইয়াত
যাৰ বাবে স্বদেশৰ পৰা নিৰ্বাসিত?
দেশৰ কোম্পানীবোৰে নাৰীৰ
উদং দেহক লৈ কোটি কোটি ধনৰ
পাহাৰ সাজিছে
সমাজ ,আইনে উজান দিছে,
জ্ঞান অনাবুৰ
এই সত্য জানিও উপহাসৰ যি কলা ছাঁ
তোমাৰ দেহত চটিয়াই
ক্ষত বিক্ষত হৃদয়,
তাৰ পৰিণাম চিন্থেটিক পাতল কাপোৰৰ
আঁৰত দৌৰি আছে সমাজ
চকু মুদা কুলিৰ ৰঙীন বেশভূষাত।
ক'ত সেই আকাশলংঘী আতচ্ বাজী
যাৰ আস্ফালনত কাণ তাল মাৰিছিল
ক'ত সেই বনজুই
যি জুয়ে পুৰি ছাঁই কৰিছিল
তোমাৰ আকাশ।
আমেৰিকাৰ আকাশৰ ভোটা তৰা
আমি আজি নিচিনো তোমাক
আমাৰ আকাশত তোমাৰ শিল্পত্ব
ভেঙুচালিৰ নাম মাত্ৰ।
আমি এনেকৈয়ে
আৰু এনেকৈয়ে পিছবাটে
পিছসুহুকি আগুৱাই যোৱা
ভাষণৰ ফুলজাৰি
শিপা খেদি শিপা উভলা
বৰষুণৰ টুপাল।
--মেঘালী ৰাজকুমাৰী
অলপ পোহৰ অলপ ছাঁ
অলপ নীলা অলপ বেঙুনীয়া
অলপ আৱেগ অলপ হেঙুল হাইতাল
গহীন স্বৰত সমুদ্ৰৰ গান।
এই যেন পাহী মেলিব ফুলে
স্নানগাৰত স্নান কৰিব সদ্যযৌৱনা
এপদ এপকৈ খুলিব দেহৰ আবুৰ
কিন্তু! নেদেখা তাই অনাবৃত্ততা
সৌন্দৰ্য মাত্ৰ সৌন্দৰ্য
নিৰ্মল নীলা পানীত গোলপীয়া পদুমৰ চকা
গজগামিনী।
উহঃ কিমান আৰু ছাঁ পোহৰৰ খেলাত
নিমগ্ন হওঁ
জিভাই লিকলিকাই আছে
মগ্নতাৰ শেষ প্ৰান্তত আচাৰি চালো
তোমাৰ অকনমান পোহৰ
আহঃ তৃপ্ত মই
চকুহাল মুদি
উপভোগৰ সময় এইয়া ।
এতিয়া মোৰ প্ৰশ্ন ফিদা
কি আছিল ইয়াত
যাৰ বাবে স্বদেশৰ পৰা নিৰ্বাসিত?
দেশৰ কোম্পানীবোৰে নাৰীৰ
উদং দেহক লৈ কোটি কোটি ধনৰ
পাহাৰ সাজিছে
সমাজ ,আইনে উজান দিছে,
জ্ঞান অনাবুৰ
এই সত্য জানিও উপহাসৰ যি কলা ছাঁ
তোমাৰ দেহত চটিয়াই
ক্ষত বিক্ষত হৃদয়,
তাৰ পৰিণাম চিন্থেটিক পাতল কাপোৰৰ
আঁৰত দৌৰি আছে সমাজ
চকু মুদা কুলিৰ ৰঙীন বেশভূষাত।
ক'ত সেই আকাশলংঘী আতচ্ বাজী
যাৰ আস্ফালনত কাণ তাল মাৰিছিল
ক'ত সেই বনজুই
যি জুয়ে পুৰি ছাঁই কৰিছিল
তোমাৰ আকাশ।
আমেৰিকাৰ আকাশৰ ভোটা তৰা
আমি আজি নিচিনো তোমাক
আমাৰ আকাশত তোমাৰ শিল্পত্ব
ভেঙুচালিৰ নাম মাত্ৰ।
আমি এনেকৈয়ে
আৰু এনেকৈয়ে পিছবাটে
পিছসুহুকি আগুৱাই যোৱা
ভাষণৰ ফুলজাৰি
শিপা খেদি শিপা উভলা
বৰষুণৰ টুপাল।
সুন্দৰ হৈছে পঢ়ি ভাল লাগিছে।
ReplyDelete