ৰোমন্থন
--- মেঘালী ৰাজকুমাৰী
( অতিথিৰ ভাষণত কবি , সাহিত্য সাধক অজিত বৰদলৈ দাদায়ে ক'লে ------- আগৰ কবিতাবোৰে হৃদয় আৰু মগজু দুয়োটাই আলোড়িত কৰিছিল। আজিকালিৰ কবিতাবোৰে মগজুতহে আঘাট কৰে ) ।"
পাটগাভৰু জোনৰ মিচিকনিত
নদীৰ বুকু অজানিতে হেন্দোলনি
ঢৌয়ে নাজানিলে সোঁতেও
নবুজিলে
ৰৈ যোৱা ঘাটত বহিবহি এদিন
তামঠোঁটিয়া এটি দহিকতৰা।
প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত
আকুল কুলিৰ মাতত বসন্ত
আহাৰৰ মেঘ ,শাওণৰ বৰষুণ
নীল পখীৰ সুৰীয়া সংগীত।
আজি এই ভাটি বেলা ভটিয়নী সোঁতত
যা বুলি দলিয়াই দিয়া চপৰাটোত
কেঁকোৰাৰ কেইবাটাও আঁচোৰ
অনাকাংশিত বানে ধোৱা
জৰাজীৰ্ণ পঁজাত
খোজবোৰ বিচাৰি
মুধাফুটা আকাশ।
--- মেঘালী ৰাজকুমাৰী
( অতিথিৰ ভাষণত কবি , সাহিত্য সাধক অজিত বৰদলৈ দাদায়ে ক'লে ------- আগৰ কবিতাবোৰে হৃদয় আৰু মগজু দুয়োটাই আলোড়িত কৰিছিল। আজিকালিৰ কবিতাবোৰে মগজুতহে আঘাট কৰে ) ।"
পাটগাভৰু জোনৰ মিচিকনিত
নদীৰ বুকু অজানিতে হেন্দোলনি
ঢৌয়ে নাজানিলে সোঁতেও
নবুজিলে
ৰৈ যোৱা ঘাটত বহিবহি এদিন
তামঠোঁটিয়া এটি দহিকতৰা।
প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত
আকুল কুলিৰ মাতত বসন্ত
আহাৰৰ মেঘ ,শাওণৰ বৰষুণ
নীল পখীৰ সুৰীয়া সংগীত।
আজি এই ভাটি বেলা ভটিয়নী সোঁতত
যা বুলি দলিয়াই দিয়া চপৰাটোত
কেঁকোৰাৰ কেইবাটাও আঁচোৰ
অনাকাংশিত বানে ধোৱা
জৰাজীৰ্ণ পঁজাত
খোজবোৰ বিচাৰি
মুধাফুটা আকাশ।
Comments
Post a Comment