মোৰ আই
----------------------
  মেঘালী ৰাজকুমাৰী
   ১৩/৫/২০১৮

জন্মতে হেৰাইছিল ,

আনে যেতিয়া আব্দাৰত চিঞৰি মাতে
মই জিভাৰ ভিতৰতে বিৰবিৰাও

মনৰ জোখাৰে আওতালি পখালি  চুই নাপালো এখন আকাশ।

বুজি উঠাৰ বেলিকা পিতাইৰ চকুলৈ চাওঁ
কিমান নিসংগ তেও
কাৰসতে কৰে সুখৰ আলাপ কিম্বা দুখৰ
মৌন ওঁঠত প্ৰতিটো নিশা
বিষাদে বৈ থকা নদী
ঢৌৰ প্ৰতিটো তৰংগ চাগে
বৰষুণৰ কাড় ।

কিমান বিশাল হব মাতৃৰ হৃদয়
যত থাকিব মান অভিমানৰ শেতেলি
কিমান মৌসনা হব পাৰেএষাৰি মাত
যি মাতত কোঁচ ভৰাই তুলিম
বুকুৰ খৰিকাজাঁই ।

মনত নপৰে আই
ভৰা মমতাৰ সেউজী আহিন
শৰতৰ নিয়ৰসনা কোমল বনত

তোৰ মুখ,

শীতৰ খৰাং পথাৰ
মইয়ে বিষাদৰ কবিতা
 মৰম আব্দাৰহীন দুপৰীয়াৰ
জেকা অবয়ব
আন্ধাৰতে খেপিয়াও অস্তিত্বহীন
জুমুঠি।

{আজিৰ কবিতাবোৰ পঢ়ি মই ও আবেগিক}।





Buy Mi Power Bank .....
https://amzn.to/2yT7I9W

Comments

Popular posts from this blog