অনুভৱবোৰ একেই হৈ আছেনে?


                              ---মেঘালী ৰাজকুমাৰী

ৰাতিৰ টোপনিটো জাৰি জোকাৰি ভাবিলো
দ্ৰুত গতিত সময়বোৰ সলনি হৈছে,

পুৱাতে চাইকেলখন লৈ দেউতা ওলাই যায়
গধুলি আহি ধুলিবোৰ মোহাৰি থয়
মই চাই থকা ৰেলি চাইকেলখন অনুভৱ।

নিশাটেো খপি খপি বিলৰ মাছ ধৰি আনে মোৰ বাগানীয়া ককাইহঁতে
ৰাতি পুৱাল কি  নোপোৱাল
"মা"য়ে বাছি আছে এটোপোলা মাছ।

নিশা মায়ে মহুৰা বাটে
দিনৰ চকু ৰঙীন চানেকি
গুটি ফুলৰ গামোচা বুটাত সপোন
দেউতাৰ উৰুকাত বকুল ফুল

নিচিঙা সুতা মনে মনে চিঙি
মইয়ে আউল।

নাদৰ পানী তুলি নোওৱা ধুওৱা
ন কইনাৰ ন পানীত শামুক বুটলা
ছাঁ জুখি ওখ হ'লো
কিমান দুপৰীয়া
অনুভৱত কত মোৰ লগৰীয়া।

ভালপাওঁ বুলি ক'লেই ৰঙা পৰা গাল
অনুভৱত পিতাইৰ চেকনিডাল
আইয়ে চাগে নিদিব ভাত
আইতাৰ গাতে লাগি
সামৰিম  লাজ
ডাকোৱাল , টিলিঙা দূৰৈতয়ে বজাবি ।

সলনি
--------------
দেউতাৰ চাইকেল কেৰকেৰণি
বিকট আৰ্তনাদ
ক্ষসহিঞ্চু সমাজৰ ধোঁৱা আৰু ছাঁই
পখীবোৰ গুচি গ'ল কোন কাহানিবাই
অৰণ্য এৰি
এৰাসুঁতিৰ এচলু পানী বিচাৰি ,

"মা" যঁতৰত আৱতৰীয়া বহাগৰ নাচনী
চানেকিৰ সপোনত
ডিচ্ পজেবল  কাহিনী ,

যন্ত্ৰৰ যন্ত্ৰণাত অভিমন্যুৰ বেহু
ভেলিডিটি  কাৰ্ড  মনি বেগত
লৈ ফুৰাটো স্বাভাৱিক

জীয়াইটো থাকিব লাগিব।

Comments

Popular posts from this blog