প্ৰতিটো শিলতে  ঈশ্বৰ আছে
শিল তথাপিও আন্ধাৰৰ প্ৰতীক ।

গুহাৰ নিৰ্জনতাত
খুদিত আঁচবোৰ শিলে মাত্ৰ জানিছিল

তেওঁ নিবিচাৰে ৰঙৰ আঁচোৰ
অথচ,

অজানিতে  ফাকু গুৰিৰ আবুৰ ।

শিল কঠিন
শিল নিৰ্জীৱ

তথাপিও,

কঠিনতাৰ আঁৰত কঠিন কোমল
জলছবি
উপাসকৰ শান্তিৰ বাণী।

Comments

Popular posts from this blog