যি সত্য
-----------------------
        মেঘালী ৰাজকুমাৰী।

সিৰিককৈ সৰি পৰোতে
শিহৰিত মাথো কিছু ক্ষণ
তামৰঙী হেপাহ এটাটো
শিশু হাঁহি
কুমলীয়া কুঁহিৰ গজালি।

তেওঁ আহিছিল পদুলিমুখত
আখৈ ফুলৰ অনেক থোপা
গুচি যোৱা বাটত গধূলী গোপাল
নঙলাত ধূসৰ ছবি।

অহা আৰু যোৱা ,যোৱা আৰু অহা
জ্যামিক অংকৰ নুবুজা শৰীৰ
এই জানিও স্পন্দিত সত্যত
আন্ধাৰে চুই চাই সামান্য
পোহৰ
শাওনৰ প্ৰখৰ ৰ'দত
চহাই বোকা কৰা
পথাৰ ৰোপন সেউজৰ বাবে
আমি লিখি গ'লো প্ৰেয়সীৰ নামত
প্ৰেমৰ কবিতা।

এৰাপৰলীয়া ঘাটৰ নাৱৰীয়া
মৰা সুঁতিত ডিঙ্গা বাই
উভতনি সোঁতৰ বঠা
ভাগৰিও নাভাগৰে
শদিয়াৰ শতফুল
লোণেৰে এসাঁজ
ৰিং এটি বাট
এইয়াই সত্য ।

Comments

Popular posts from this blog