মৰুভূমি
-------------
মৃত্যুও মোৰ উত্তাপ কোলা
জীয়াই থকাটোও দুৰাৰোগ্য
যন্ত্ৰণা ।
-------------------------------------
মৰীচিকা
------------
ৰূপ বুলি গুচি যাওঁ
ভাগৰুৱা খোজত
নৈ বুলি গুচি যাওঁ
গলধন হেচুকী লাখুটি ভৰত ।
শেষত
-----------------
আহ অ' এজাক বানে বোৱা বৰষুণ
মই আতুৰ ,তৃঞ্চাতুৰ
বহুদিনে
বহুকালে ।
-----------------------------------------------
শেষৰো শেষ ঠিকণা অতীত বুলিবলৈ বাট লাখুটি এডালেই কেৰাচিন চাকি পোহৰৰ জুপুৰি এটা অতীত বুলিবলৈ কিনো আছে সাঁচতীয়া টোপোলাত কেইবাটাও ফুটা। ধুমুহাৰ বাউলী চুলি কিমান আমনি মেঘে ঢকা ঢেৰেকণি ভয়াবহ কিমান চকা - মকা বিজুলীয়ে কব গেজেপনি আন্ধাৰ কিমান জয়াল নৈঃশব্দতা পোহৰ বুলি এন্ধাৰৰ যাত্ৰা। শেষৰ খুটিত ধেনুভিৰীয়া জিৰণি য'ত মাত্ৰ এৰেহা কইতালিৰ পানী ছাঁই আৰু ধূলিৰ পৃষ্ঠা মাটিৰ আমি মাটিতে বিলীন কবৰত শেষ ঠিকনা।
Comments
Post a Comment