সময়ৰ তিনিটা স্তৱক

                                 -----  মেঘালী ৰাজকুমাৰী 
              

                {১}
কোনোদিনে নুফুলা ফুলৰ চুপহীত
পাঁচো আঙুলিৰে বোলোৱা হাত
শুকান পাহাৰত থেকা খাই ঘূৰি আহে
বেলি পৰা পশ্চিমৰ ঘাট ।

                {২}
সোণোৱালী ধাননিৰে বোলোৱা বাটত
শিলত দুখ পায় দুভৰি
তেজ ৰঙা আকাশত পলাশ ,শিমলু
সোণাৰু বুলীয়া বুল
বসন্তৰ বুকুত মুৰ গুজি হাঁহে 
কুমলীয়া জীৱনৰ সুৰ ।

             {৩}
কোন বাৰু আপোন ,কোন বাৰু পৰ
সৰা পাতৰে ঘৰ
হালধীয়া পালতৰা পানেচৈ বুকুত
ভাটিয়লী ভটিমাৰ স্বৰ
জুপুৰিৰ ইকৰা ফাঁকত
ঢিমিক -ঢামাক 
টিপচাকিৰ পোহৰ ।

Comments

Post a Comment

Popular posts from this blog