বহুদিন হ'ল
------------------বহুদিন হ'ল ,কোনো কাৰো মুখ নেদেখা
অথচ তেওঁলোক আছিল
এসময়ৰ সহযোদ্ধা,
বৰষুণ নাছিল যিদিনা
বাৰীৰ ঢিপত বহি পাতি আছিলো
বসন্তত ফুলি মৰহী যোৱা ফুলৰ কথা।
কোন বাটে আহে শৰৎ
কোন বাটে শীত
কোন বাটে ফাগুন
কোন বাটে বসন্ত
মৰহী যোৱা বননিত
অৱশেষত বৰষুন।
বেবিলনৰ বাগিছাত খৈয়াম আছিল শুই
কবিতাৰ মেহফিল তৈয়াৰী ৰাতি
কি সুৰ বাজি উঠে
বাজি উঠে সুমধুৰ
গুনগুনিতে ফেঁহুজালি কাটে
পুৱাই হিৰন্ময়ী সুৰুযে যাচেহি চুমা।
কি দিন আছিল
ভাৱনাত চৰাইৰ ডেউকাৰে আকাশ আকাশ মধুময় ক্ষণ
জাকৰোৱা জাকৈয়া ছোৱালীৰ ৰং
ফুটুকলা হাবিয়নিত বেঙূনীয়া দুওঁঠ
টুক টুক চাপৰি বা অ' সখীয়তী
ঘুৰি ঘুৰি উৰি ফুৰা আমি কনুৱা
বহুদিন হ'ল কোনো কাৰো মুখ নেদেখা।
Comments
Post a Comment