উল্লাসিত হাঁহিত জাকৈয়া গাভৰু
খুলিয়ো নুখুলে মেথনিৰ জৰী
তলমুৱা লাজুকী বন প্ৰজাপতি
খালৈত নাচি থাকে চেনী পুঠিৰ হাঁহি।
জুইয়ে পোৰা সোণ ,জিলিকি জ্বলেমলায় বৰষুণ মুখৰ ৰ'দ মেঘে খেলে লুকাভাকু
পূবালী আকাশত তিৰবিৰাই
কাম চৰাই ঠোঁট
উৰি পৰি হাইঠা বুকুতে শুলে
ৰাতিৰ পাহাৰে সলালে পোচাক
পোহৰত কেৱল সেউজীয়া ।
Comments
Post a Comment