বাৰিষা
-----------------
মেঘালী ৰাজকুমাৰী
শিলা বৃষ্টি ৰাতিৰ যি নৈশব্দতা
গহীন বনত কেঁচুৰ মাত
পিট পিটাই
ন -পানীৰ লালুকী
জেকা বনত পৰি ৰয়
পখিলাৰ এটি দুটি পাখি।
চ'তৰ বাউলী বা
চুলি উৰি আকাশ চুমে
কাকৈ ফনি আজুৰি পেলা
আৰ্চীত কিনো চাবি মুখ
আকাশে ঢালিব মৌ
জোন জিলিকিব
জিলিকিব জোন
ফটফটিয়া পানীত
হাঁহি এমুকুৰা।
-----------------
মেঘালী ৰাজকুমাৰী
শিলা বৃষ্টি ৰাতিৰ যি নৈশব্দতা
গহীন বনত কেঁচুৰ মাত
পিট পিটাই
ন -পানীৰ লালুকী
জেকা বনত পৰি ৰয়
পখিলাৰ এটি দুটি পাখি।
চ'তৰ বাউলী বা
চুলি উৰি আকাশ চুমে
কাকৈ ফনি আজুৰি পেলা
আৰ্চীত কিনো চাবি মুখ
আকাশে ঢালিব মৌ
জোন জিলিকিব
জিলিকিব জোন
ফটফটিয়া পানীত
হাঁহি এমুকুৰা।
Comments
Post a Comment