জীৱনৰ ৰং

                               ---মেঘালী ৰাজকুমাৰী
                                     ১৯/৪/২০১৮

যি ভাবি পালো প্ৰত্যকৰে জীৱনৰ
ৰঙবোৰৰ একো একোটা অৰ্থ আছে
প্ৰত্যেকৰে ৰঙবোৰৰ মহিমাও আছে,

যদি তুমি বিচৰা অৰ্থৰো ও অৰ্থ

মহিমা তাতে।

        (২)
তেওঁ ও জানে
গঢ়োতা আমি মাটিৰ পুতলা
কাৰ চেলাউৰী কিমান দীঘল হ'লে
বাহ বান্ধিব এযোৰী চকুৱে
কাৰ জোখেৰে ওঁঠযোৰী সানিলে
গোলপীয়া হব পাৰে এখন জিভা ।
         (৩)
তথাপিও তেওঁ কব বিচাৰে ঠুনুকা
মৃন্ময় নহওঁ
নান্দনিক সূৰ্য্যাস্তত বুৰ যাব খুজি
ৰাতিৰ এন্ধাৰত
জাগতিক ৰশ্মিত মুঠিয়াই চায়
ভিন্ন ৰঙী কাঁয়াকল্প
শংখ নিনাদত বুৰ যায় চৌপাশ।
         (৩)
এদিন তেওঁ বিচলিত নহয় এইয়াও নহয়
চৰ চাপৰিৰ বঁকিয়াইদি সোণসেৰিয়া
বেলিটো নীৰৱে গুছি গ'ল বুলি
চোবাব খুজে নিজকে
নভবা মাটিৰ প্ৰতীমাক
পুণৰ লেউ দি গঢ়ে ।
           (৪)
আত্মঘাতী সপোনত আততায়ী বাসনা
ফু মাৰি সুহুৰি বজাই
অনন্ত আকাশত মেলি দিয়ে
বাউধানৰ টঙীঘৰত টুনীৰ বাঁহ
তেতিয়াই
ঠিক তেতিয়াই
ন --- পোৱালীবোৰে চিঁচিঁয়াই।

Comments

Popular posts from this blog