সময়

                                     ----মেঘালী ৰাজকুমাৰী

                                                                   ২২/৪/২০১৮


ঘড়ী কাঁটাৰ টিকটিকনি উনাই
যেতিয়া সময়বোৰ গুচি গৈছিল
কোনো দিনে কোৱা নাছিলো
সৰাপাতলৈ বসন্ত অহাৰ খবৰ।

নাহৰৰ মসৃণ দেহত চিপচিপিয়া বৰষুণ
সুললিত ৰাগ
চুপহি সৰিছিল নে চুপিছিল
তাতো নাছিল আবেগৰ খবৰ।

ন পানী পথাৰত কেঁচু কুমতিৰ তান
জীৱনে দিবনে যৌৱনৰ সঁফুৰা
সংগ্ৰানে সীব নে এককাল পানী
তাতো নাছিল একো খবৰ।

এতিয়া,

সময়ক সময়ে বান্ধি
খবৰৰ বাবে অজস্ৰ খবৰ
মুখৰ প্ৰতিছব্বিত
আন এখন মুখ ।

বিষাদ ,স্মৃতি জৰ্জৰিত শেতা চাঁৱনিত
কোনোবা নোহোৱা খবৰ
উদাস বুকুত কঁপি থাকে জান নিজান
এখন তৈলচিত্ৰ।

Comments

Popular posts from this blog