মাটি ঈশ্বৰ
--- মেঘালী ৰাজকুমাৰীআপুনি অনুভৱী
অনুভৱৰ চুক কোণবোৰ এখন আইনা লগা খিৰিকিৰে চাই থাকে নিতৌ
আপুনি কব খোজে বহু কথা
কিন্তু নকয়
কাৰণ বঙলাৰ মুখা পিন্ধা ৰঙবোৰ বেয়া পালেও
চতুৰতাৰে সানি থয় (আপুনি)।
জুপুৰিৰ মানুবোৰে আপোনাৰ ৰঙবোৰ ভাল পায়
আপোনাৰ মাজতে অলেখ আলোচনা
আপুনি বৰ সুখী মানুহ
আপুনি ওখ মানুহ ,ওখ ঘৰত থাকে
সহজতে ঈশ্বৰক পায়
কিন্তু ! ঈশ্বৰলৈ একেটাই বাট ।
মাটিৰ মানুহজনৰ আজি গড়া খহনীয়া
তেওঁ ও অনুভৱী
গুছি গ'ল এডোখৰ নিজান ঠাইলৈ
অভাৱে জুৰুলা অভিজ্ঞ পুষ্ট,
হঠাৎ দৃষ্টি ,এটি টুনীৰ বাঁহলৈ
প্ৰতিবাৰে ধুমুহাই উৰুৱাই নিয়া টুনীৰ বাঁহ
একেই থাকে ।
উভতি আহি
আন্ধাৰ কোঠাত জ্বলিল চাকি
মাটি ঈশ্বৰ।
Comments
Post a Comment