বৰষুণৰ প্ৰথম আলাপ আজি
ভৰা আকাশত মেঘৰ দুন্দুভি
এই সৰি পৰিব মুষলধাৰে
বাৰিষাৰ আকাশ বাউলি ।
কোন অতীতৰ বাঁহীৰ মূৰ্চ্ছনা
 কিয় শুনো গহীন তৰংগত
হেৰাব খোজো ------
 হেৰুৱাইটো আহিলো কজলা মেঘনা বুকুত । ভৰ বৰষুণ , -------- আবেগিক কি সুৰীয়া তান পৌৰাণিক ৰাগৰ গহীন লয়লাস
ঝনঝনাই উঠিছে দেখোন
সপোন হেৰুৱা বাটত এপলক ৰৈ চাইছো
চাতক পখীৰ চকুত সেউজীয়া আশা
বৰষুণ বৰষুণ ।

Comments

Popular posts from this blog