কাব্য গাথা ----[৮]
যোৱা কালি আকাশত ইমানবোৰ মেঘ
বৰ্ষণ মুখত বিজুলীৰ আবেশ
আজি দেখোন তৰায়ে বাচিছে ফুল
চকুত ভাঁহিছে ৰঙীন সপোন।
নিচুকনি গীত গোৱা হ'ল নেকি বাৰু
ৰাজকুমাৰী জুনুকা সোণৰ খাৰু।
খেল খেলা শেষ হ'ল
ঘৰাঘৰি বল
অলৌ গুটি তলৌ গুটি কচুগুটি ঘাই
ৰজাৰ ঘৰ ভাঙিম নে নেঙাঙিম
কলী ঔচ বগী ঔচ ঘেকেচ্
ল'ৰা খেল শেষ ।
শেষৰো শেষ ঠিকণা অতীত বুলিবলৈ বাট লাখুটি এডালেই কেৰাচিন চাকি পোহৰৰ জুপুৰি এটা অতীত বুলিবলৈ কিনো আছে সাঁচতীয়া টোপোলাত কেইবাটাও ফুটা। ধুমুহাৰ বাউলী চুলি কিমান আমনি মেঘে ঢকা ঢেৰেকণি ভয়াবহ কিমান চকা - মকা বিজুলীয়ে কব গেজেপনি আন্ধাৰ কিমান জয়াল নৈঃশব্দতা পোহৰ বুলি এন্ধাৰৰ যাত্ৰা। শেষৰ খুটিত ধেনুভিৰীয়া জিৰণি য'ত মাত্ৰ এৰেহা কইতালিৰ পানী ছাঁই আৰু ধূলিৰ পৃষ্ঠা মাটিৰ আমি মাটিতে বিলীন কবৰত শেষ ঠিকনা।
Comments
Post a Comment