কবি
---------------------------------------মেঘালী ৰাজকুমাৰী
গহীন ৰাতি কোন আছিল উজাগৰে
কি চৰাইৰ ওঁঠত বাজে বিষাদ ৰাগিনী আঁক বাঁকে সুখী কৰিলে
তেওঁ কবি।
বিষন্ন এখন মুখ
ডাৰি গোঁফে বুভুক্ষা
বাটে বাটে নিতৌ বজাই বীণ
সন্ধিয়া পদূলি টিপ চাকি পোহৰ
জোনৰ আকাশত তৰাক সুধে
মোৰ খেৰি জুপুৰিত
আৰু কিমান দিন,
বৈৰাগীৰ বীণত কি সুৰ বাজে
কবিয়ে ক'লে।
ফল ফুল পোকে খালে
অৰণ্যত জুই জ্বলে
কোন থাকে চকু মেলি তাত
ভাৱনাৰ সীমনাত তেওঁ আঁকে মালিতা
তেওঁয়ে কবি।
সন্ত্ৰাসৰ পৃথিৱীত বাৰুদৰ ছাঁইবোৰে
কাৰ বুকু কৰে কজলা
কোন নিৰীহে জীয়া জুইত পৰি বিনাই
কবিৰ কলমে দিয়ে সান্তনা ।
প্ৰেমৰ পথাৰত গজি উঠা বনবোৰ
শীতত যেতিয়া লঠঙা
কটঙা মাটিৰ জোঙাল খোজৰ
তেজ বোৱা নৈ খন
কবিৰ ভাৱনাই
সহস্ৰজনৰ লগৰীয়া।
( কবিতা দিৱস বুলি)।
Comments
Post a Comment