দুটি স্তৱক
(১)
আজলী তৰা ,কুমাৰী জোন
দোৰোণফুলীয়া হিয়াত বাখৰুৱা মণি ডালিমফুলীয়া গলপতাত চুমি গ'ল
দুবৰি সেউজ এটি চৰাই
কেতেকীয়া কঁকালত নাচোনৰ পাটমাদৈ সপোন।
(2)
গৰাখহনীয়া জাঁজী
বিৰিণা দেহাটিৰ গাগৰি উটে
কুহুমবুলীয়া বেলিৰো নেভাগে ঠেহ
শীতত শুকাই দুওঁঠ
লুকা -চুৰি খেলো কেতিয়াবা
মাথো এটি নিচুকণী গীত ।
--মেঘালী ৰাজকুমাৰী
৭/৭/২০১৭
(১)
আজলী তৰা ,কুমাৰী জোন
দোৰোণফুলীয়া হিয়াত বাখৰুৱা মণি ডালিমফুলীয়া গলপতাত চুমি গ'ল
দুবৰি সেউজ এটি চৰাই
কেতেকীয়া কঁকালত নাচোনৰ পাটমাদৈ সপোন।
(2)
গৰাখহনীয়া জাঁজী
বিৰিণা দেহাটিৰ গাগৰি উটে
কুহুমবুলীয়া বেলিৰো নেভাগে ঠেহ
শীতত শুকাই দুওঁঠ
লুকা -চুৰি খেলো কেতিয়াবা
মাথো এটি নিচুকণী গীত ।
--মেঘালী ৰাজকুমাৰী
৭/৭/২০১৭
Comments
Post a Comment