কেতিয়াবা বিচাৰি চলাথ কৰো
শব্দহীন মৌন ভাষাত অব্যক্ত ভাষাৰ
যন্ত্ৰণাকাতৰত মূকবধিৰ অবোধ স্পৰ্শকাতৰতা ।
খৰালিৰ নদী চৰত উত্তপ্ত বালি
খোজৰ চাবত মৰীচিকাৰ কৰুণ চাৱনি
এই যেন হেৰাব হেৰাব আজি ।
বতাহৰ খোজত খোজ মিলাই আবেগৰ
আদিতম পখী
শিমলু ডালত ওলমি আছে
আকাশৰ এমুঠি নীলা
মদাৰৰ জুই শিখা ছাঁই নোহোৱাকৈ থাকক দিয়া
মোৰ চোতালৰ দূৱৰিত তোমাৰ সেউজীয়া ।
Comments
Post a Comment