কবিতাৰ ৰম্যভূমিত

                                     --- মেঘালী ৰাজকুমাৰী
                                         ১০/ ৪/২০১৮

গোন্ধহীন বননহৰুৰ ফুল
পুৱাৰ শুভ্ৰতাত বেলিয়ে হাঁহেনে
তই কিন্তু হাঁহিলি ।

বাঁহৰ মেখেলাত টুক টুককৈ বুলাই দিয়া
কুঁহিপতীয়া ৰেখবোৰ
গোন্ধ  তাতেই ।

ক'তনো আৰু আবুৰৰ গইনা লৈ
মেঘৰ চিত্ৰকলাত
ব্যঞ্জনাময় নীল বেঙুনীয়া
ৰহন বুলাবি
আকাশে দেখোন জানেই
 সময় সীমা কিমান ।

তথাপিও ,
আছেটো আছে
চাট্ কৈ পৰি মৰা মেঘৰ ঢেৰেকণি
নাইটো আছে পানী মিঠৈৰ
সুস্বাদু লিকলিকিয়া লেলাউটি অকন ।

মায়াব'ৰ বাঁহীত সন্ধিয়া শ'ৰালিৰ
খিটখিটনি
ভ্ৰমণৰত মন মগজুত নিচা
পকাথেকেৰা নয়নযুগলে
বিৰবিৰাই
বনৰীয়া সুৰ হৈ
সুৰ হৈ ....................

সুৰ এটি হৈ।


Comments

Popular posts from this blog