পিৰিতি

   
                                  ---মেঘালী ৰাজকুমাৰী
                                      ১৪/৪/১০১৮

তেজগোৰা বেলিৰ ক'তটি বসন্ত
একেপাকতে জীপাল হ'ল
ৰঙা জিঞা পাখি
বাহ পাতত উৰিছে
গড়গাও কিমান দূৰ বাট।

উৰুখা টঙীত
পথাৰ চপচপীয়া
এদেউ দুদেউ উঠন বুকু
গিৰিশিখৰে বোৱাই পেলালে
নিমজ এধাৰি জুৰি,

নিৰ্জন পানীত গোলাপী ভৰিৰ
পুমৰ চকাহে নাচিল
যেন পদুমৰ চকাহে নাচিল
হাঁচতিৰ গাঁঠিত
এপাচি হেঁপাহ।

Comments

Popular posts from this blog