ৰোমন্থন
--মেঘালী ৰাজকুমাৰী
পাটগাভৰু জোনৰ মিচিকনিত
নদীৰ বুকু অজানিতে হেন্দোলনি
ঢৌয়ে নাজানিলে সোঁতেও নবুজিলে
ৰৈ যোৱা ঘাটত বহিবহি এদিন
তামঠোঁটিয়া এটি দহিকতৰা।
প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত
আকুল কুলিৰ মাতত বসন্ত
আহাৰৰ মেঘ ,শাওণৰ বৰষুণ
নীল পখীৰ সুৰীয়া সংগীত।
আজি এই ভাটি বেলা ভটিয়নী সোঁতত
যা বুলি দলিয়াই দিয়া চপৰাটোত
কেঁকোৰাৰ কেইবাটাও আঁচোৰ
অনাকাংশিত বানে ধোৱা জৰাজীৰ্ণ পঁজাত খোজবোৰ বিচাৰি মুধাফুটা আকাশ।
--মেঘালী ৰাজকুমাৰী
পাটগাভৰু জোনৰ মিচিকনিত
নদীৰ বুকু অজানিতে হেন্দোলনি
ঢৌয়ে নাজানিলে সোঁতেও নবুজিলে
ৰৈ যোৱা ঘাটত বহিবহি এদিন
তামঠোঁটিয়া এটি দহিকতৰা।
প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত
আকুল কুলিৰ মাতত বসন্ত
আহাৰৰ মেঘ ,শাওণৰ বৰষুণ
নীল পখীৰ সুৰীয়া সংগীত।
আজি এই ভাটি বেলা ভটিয়নী সোঁতত
যা বুলি দলিয়াই দিয়া চপৰাটোত
কেঁকোৰাৰ কেইবাটাও আঁচোৰ
অনাকাংশিত বানে ধোৱা জৰাজীৰ্ণ পঁজাত খোজবোৰ বিচাৰি মুধাফুটা আকাশ।
ভাল লাগিল পঢ়ি । সুন্দৰ লিখনি ।
ReplyDeleteঅনুভৱৰ সুন্দৰ প্ৰকাশ ৷ ভাল লাগিল ৷
ReplyDelete( 'অনাকাংশিত' বানানটোত এবাৰ চাব নেকি ? লগতে 'প্ৰানে প্ৰানে' টোও ?)
Val lagil dei
ReplyDelete