কাব্য গাথা ------
 [২]

 সৰল গছবোৰৰ গুটি সৰিছে
 কুঁৱলী সনা একা বেকা বাটত
খোজবোৰে ভৰি পোনাই
ইউক্লিপ্টাচৰ মসৃণ ডালত
 জুপুকা মাৰি এটি হেটুলুকা চৰাই
---- উৰ্ধমুখী ।

 গভীৰ জলাশয়ৰ পানীত বুদবুদাই বহুৰঙী ৰামধেনুৰ প্ৰচ্ছায়া
 সেন্দুৰীয়া পুঠি মাছৰ উজান বজাৰ
 উৰ্বৰ আকাশত মেঘৰ মালিতা ।
 মেঘ মেঘ শুকুলা মেঘ
কপহুৱা বুকুয়ে চুবলৈ খোজে
ৰ'দ ৰ'দ তেজ ৰঙী ৰ'দ
 প্ৰতিটো কণিকাৰ দুৰন্ত আবেগ ।

Comments

Popular posts from this blog