নিৰ্দোষ ধেমালি বুলি ভাবিব পাৰো
------------------------------------------------
নিৰ্দোষ ধেমালি বুলিয়ে ভাবিছো
কাৰণ ধুমুহাৰ প্ৰৱল গতিটো
মন মগজু আছিল বিকল।

ৰৌদ্ৰৰ প্ৰখৰতাত গাল গুলপীয়া হ'লেও
আইনা চাব নাজানিছিলো
জেকা বনত দুভৰি পৰিলেও
নাক কোচোৱাৰ বাদে
হাতৰ
আঙুলীকেইটা একো একোটা 
জঠৰতাত ভোগা বেমাৰী।

দেহৰ অচল কীটানুবোৰ শ আসনতে 
ওপৰমুৱা নিথৰ জ্বালামুখী
উদ্গীৰণ!
এটা অবান্তৰ প্ৰশ্ন।

কিন্তু ,আজিকালি 

অলৌগুটি তলৌগুটি
খেলি থাকো প্ৰায়ে
কি পাওঁ ,সেয়াই পাওঁ বন্ধ দুহাত।

পোহৰে পোহৰে কোন আহি গুছি গ'ল
অপলক দৃষ্টিত শূণ্য আলিবাট,

আন্ধাৰত তিৰেবিৰাই মেকুৰী দুচকু
গোহালিৰ কাজলীজনীৰ দুটি চকু
বিজুলীৰ সৰকে পুৱতিৰ ৰাতি,

ৰাতিৰ পাহাৰত বিমূৰ্ত ছাঁয়া ছবি
ক্ষণিক হাবিয়াস।

Comments

Popular posts from this blog