এই যে ভি ডি ফুটেজবোৰ আহি আছে

আপোনাক কি বুলি কৈছে?
পেজটো লাইক কৰক
পাৰিলে আপুনি কমেন্ট কৰিব।

কৰুক্ষেত্ৰৰ মহাসমৰ
তাই আষ্ফালন কৰিছে
টানি আজুৰি দেহৰ বস্ত্ৰ ফালি
উলংগ
আৰু  দুজনমানে কি কৰিছে?
তাইৰ স্পৰ্শকাতৰ দেহবোৰ দেখুৱাত ব্যস্ত

আমিবোৰ সহানুভূতিৰ হুমুনিয়াহ
কেৱল উহঃ ।

কেৱল উহঃ য়ে কৈছো বুলি আপুনি হয়তো ধৰ্ণা দিব মোৰ ওপৰত
ৰাজপথ উত্তাল কৰিব

কিন্তু একো নাই

আপোনালোক উফ আৰু হুমুনিয়াহৰ
 একো একোখন ফ্লক

মইয়ো।

নহ'লেনো লাইক কমেন্টৰ পেজ খুলি
ভাইৰেল কৰি যায় নে  একে কেইটাই ভি,ডিঅ
ক'লা সাপৰ ফনাত গুজিব পাৰেনে
নিস্পাপ চকুবোৰত ভয়াৰ্ত প্ৰলেপ ।

ক'লো --------- আপোনালোকক

একো যদি কৰিব নোৱাৰে
সমাজ কলুষিত কৰাৰ অধিকাৰ
আপোনালোকৰ নাই
ভিউৱাৰচত বাহঃ বাহঃ লবলৈ গৈ আপোনালোকেই বিষাক্ত বতাহৰ গৰাকী
জানি থোৱা ভাল। যে ভি ডি ফুটেজবোৰ আহি আছে

আপোনাক কি বুলি কৈছে?
পেজটো লাইক কৰক
পাৰিলে আপুনি কমেন্ট কৰিব।

কৰুক্ষেত্ৰৰ মহাসমৰ
তাই আষ্ফালন কৰিছে
টানি আজুৰি দেহৰ বস্ত্ৰ ফালি
উলংগ
আৰু  দুজনমানে কি কৰিছে?
তাইৰ স্পৰ্শকাতৰ দেহবোৰ দেখুৱাত ব্যস্ত

আমিবোৰ সহানুভূতিৰ হুমুনিয়াহ
কেৱল উহঃ ।

কেৱল উহঃ য়ে কৈছো বুলি আপুনি হয়তো ধৰ্ণা দিব মোৰ ওপৰত
ৰাজপথ উত্তাল কৰিব

কিন্তু একো নাই

আপোনালোক উফ আৰু হুমুনিয়াহৰ
 একো একোখন ফ্লক

মইয়ো।

নহ'লেনো লাইক কমেন্টৰ পেজ খুলি
ভাইৰেল কৰি যায় নে  একে কেইটাই ভি,ডিঅ
ক'লা সাপৰ ফনাত গুজিব পাৰেনে
নিস্পাপ চকুবোৰত ভয়াৰ্ত প্ৰলেপ ।

ক'লো --------- আপোনালোকক

একো যদি কৰিব নোৱাৰে
সমাজ কলুষিত কৰাৰ অধিকাৰ

আপোনালোকৰ নাই

ভিউৱাৰচত বাহঃ বাহঃ লবলৈ গৈ আপোনালোকেই বিষাক্ত বতাহৰ গৰাকী
জানি থোৱা ভাল।

Comments

Popular posts from this blog