এনেকৈয়ে চলে জানো
-- মেঘালী ৰাজকুমাৰী ।
গছ বুলি আমি বগুৱা বাই গৈ আছো
পাতে ফলে ভৰুণ গছ
সেউজীয়া বুলি গছকি খোজ কাঢ়ি আছো
পথৰ হালধীয়া বন
স্বাধীন বুলি স্বাধীনতাৰ বৰ বৰ কথা পাগুলিছো
কবিতা বুলি পকী চাদত বহি শব্দৰ মালা গাঁথিছো
দুখৰ লেলাৱতী ,প্ৰেমৰ ভোগজৰা
লেউ দি সানিছো মাটিত
আইৰ দুখ ,পিতাইৰ অসুখ
নিমখীয়া ঘাম বুলি চেলেকি আছো ।
কিন্তু গণ্ডগোলটো ক'ত ?
গছৰ ফলবোৰ পুকীয়া, সৰো বুলি ভাবিও
নসৰে পাত
জীৱন পথত ধূলি আৰু ধোঁৱা
আদবয়সতে চকুত চলিহাই
ধুৱঁলী- কুঁৱলী বাট পথ ।
প্ৰতিবাদৰ জুই জ্বলিছে যিমান
আবেগৰ ফিৰিঙতি তুংগত
চগা হৈ পৰিছে ,ফিনিক্সৰ দৰে নোহোৱা হৈ গৈ আছে ,উতপ্ত মৰুভূমি
যত সৱ মৰীচিকা ।
গোলকীয় প্ৰেমৰ হাট
সেউজীয়া গানত ,নীলা আকাশ
ডি,জে গীতৰ তালে তালে
জাবুৰ খাই পৰিছে ওৰেটো ৰাতি
দিনত মোহাৰি আছে বুকুখন,
তিতাকেৰেলা দুচকলমান নিসিজোৱাকে
কামুৰি পালে ।
বিশ্বায়নী প্ৰেম ,সকলোৰে ওঁঠবোৰ উকা
প্ৰেম কৰিছোৱে যেতিয়া আহক এটি চুমা
দাঁতে ওঁঠে কামুৰি ,আহঃ
তেজ আৰু তেজ
পিপাশু বাঘৰ দুটি ৰঙা চকু
জোঙাল দাঁতৰ খোট ।
Comments
Post a Comment