যি মোৰ ছাঁ

                                         ---  মেঘালী ৰাজকুমাৰী


অৰণ্য মানেই সেউজীয়া

সেউজীয়া মানেই ভিতৰি ভিতৰি

বাঢ়ি অহা উমাল উত্তেজনা ।


শিপাৰ পৰা ডাললৈ

ডালৰ পৰা কাণ্ডলৈ

কাণ্ডৰ পৰা পাতলৈ

উৰ্ধমুখী ডিঙা বাই

আকাশৰ পৰা আকাশলৈ ।


মই ৰৈ থাকিলো , ৰৈয়ে আছো

সেউজীয়াৰ পৰা হালধীয়া

হালধীয়াৰ পৰা তামবৰণীয়া

তামবৰণীয়াৰ পৰা সৰি নপৰালৈকে।


আজি কালি অৱশ্যে

বিচলিত নহওঁ 

এইয়াও নহয়

চকুৰে মনিব পৰা সমতল বালিচৰত

এখোজ দুখোজ কাছৰ খোজ

ৰ'দ ৰঙা আবেলিটোত চেচুকীয়া বন

চাক ভাঙি মৌবোৰ অনাই বনাই ভুনভুনাই।


মৌন চোতালত বহি ভাবি আছো

নৈ চাপৰিত সৰিয়হ ফুলাৰ কথা।


আৰু মোৰ ছাঁ?

পুৱাৰ কোমল সুৰুযৰ ঠিকণা

Comments

Post a Comment

Popular posts from this blog