ভাৱৰ স্তৱক
----মেঘালী ৰাজকুমাৰী
(১)
আচলতে কথাবোৰ ইমান সহজ নাছিল
মই ভবাৰ দৰে
আচলতে ভাষাবোৰও ইমান সৰল নাছিল
ৰৈ যোৱা ঘাঁহনিত পদুম খোজৰ ৰামধেনুৰ সাতোটি চিত্ৰকলা।
(২)
জোনৰ পোহৰত ব্যঞ্জনাময় যমুনা
গহীন কঁপনি ঢৌৰ বুকুত
অদৃশ্য চিত্ৰাৱলীত
নেদেখা বাঁহীৰ সুৰ
সমুদ্ৰৰ পাৰ নিচিনি
অচিনা পক্ষীৰ
ডেউকাত ঢপঢপনি
নাক গুজি শুঙি চোৱা
তগৰ ,বকুল ,মালতী ,শেৱালী।
(৩)
প্ৰকৃততে,
ক'তোৱে একো নাই
তথাপিও জোনৰ পোহৰত
জলমল যমুনা
অদেখা বাঁহীৰ সুৰ,
মেঘৰ বুকুত বাঢ়ি অহা
এচকলা ডাৱৰ
সুৰ হৈ গোন্ধায়
ভাগৰুৱা হৈ জিৰায়।
Comments
Post a Comment