শেষৰো শেষ ঠিকণা অতীত বুলিবলৈ বাট লাখুটি এডালেই কেৰাচিন চাকি পোহৰৰ জুপুৰি এটা অতীত বুলিবলৈ কিনো আছে সাঁচতীয়া টোপোলাত কেইবাটাও ফুটা। ধুমুহাৰ বাউলী চুলি কিমান আমনি মেঘে ঢকা ঢেৰেকণি ভয়াবহ কিমান চকা - মকা বিজুলীয়ে কব গেজেপনি আন্ধাৰ কিমান জয়াল নৈঃশব্দতা পোহৰ বুলি এন্ধাৰৰ যাত্ৰা। শেষৰ খুটিত ধেনুভিৰীয়া জিৰণি য'ত মাত্ৰ এৰেহা কইতালিৰ পানী ছাঁই আৰু ধূলিৰ পৃষ্ঠা মাটিৰ আমি মাটিতে বিলীন কবৰত শেষ ঠিকনা।
Popular posts from this blog
আমি আমাৰ প্ৰেম -ভালপোৱাক চেলিব্ৰেট কৰো আহক আচলতে আমি প্ৰত্যকে প্ৰেমত পৰো ফুল ,তৰা ,গান ,আবেগ,অৰণ্য আকাশ, আপোনাৰ ,তোমাৰ । কোলাহলত লগ পালো আপোনাক আবেগত লগ পালো বাছ ষ্টপেজৰ তিনিআলিত ষ্টেচনৰ ষ্টিট লাইটৰ পোহৰত দেখিলো গন্তব্য স্থান সামৰি ঘৰা -ঘৰি মৃদু এটি গুঞ্জন হৃদয়ত । কেতিয়াবা এজাক ডবালপিটা বৰষুণ কেতিয়াবা পুৱাৰ ৰৌদ্ৰজ্বল আভা কেতিয়াবা ডাঠ কুঁৱলী ফালি জোনাকী নিশা কেতিয়াবা গৰখীয়া পেঁপাৰ বিষাদ গাঁথা । শূৰ্পণখাৰ নাক কাটি যুদ্ধ জয়ৰ ঘোষণা সীতাৰ বিষাদ গাঁথা কোনেও নুবুজা কুন্তীৰ কালিমা কোনো কালে নুগুচা গান্ধাৰীৰ অন্ধকাৰৰ জয়াল পিতনি সহস্ৰজনৰ মাজত ৰাজসভাতে দ্ৰৌপদীক উলংগ কৰাৰ প্ৰয়াস আবুৰ দিয়া ,ছন্দ্ৰমল্লিকা চটিয়াই ঘ্ৰাণিত কৰা । নিৰ্ভয়াৰ তেজৰ কীটবোৰ সমাধি দিয়া বেলতলাৰ কলংকিত কিৰিলিবোৰ জ্বলাই পেলোৱা বৃহৎ এটা ছাইপ্ৰেছ সাজা । পোচাকযোৰহে আধুনিক ,আতঁৰাই চালে দেখিবা প্ৰেম -ভালপোৱাৰ পুৰাতনী ৰূপ কালিদাসৰ মেঘদূত ,ডান্টেৰ ডিভাইন কমেডিয়া শ্যেলি ,কীটচ্ ,গ্যেট ,গনেশ গগৈৰ বিষাদ মিশ্ৰিত আশাৰঞ্জিত কবিতা, খলা -ব...
এপ্ৰিল ফুল --- মেঘালী ৰাজকুমাৰী এনে এটা সাধু আছিল, ফুলবোৰ ফুলিছিল ফুলৰ বাবেই , এনে এটা দিন আছিল,ফুল আৰু ভোমোৰাৰ নিঁভাজ চুম্বনত নাছিল কোনো আক্ষেপ ,অনিহা, আছিল অভিমান ক্ষণিক ডাৱৰৰ ওন্দোলা আকাশ। এনে এটা দিন আহিল ফুলবোৰ তলমুৱা জয় পৰা ছবি ভোমোৰাৰ ৰ'দ কাচলিত হঠাৎ বিজুলি, বাস্তৱতাৰ দপোনত মুখ চাই আপোনা আপুনি ধেনুষ্ঠংকাৰত ভুগিছে ফুলৰ কলি । Buy " Ashimat Jar Heral Hima" https://amzn.to/2MwppOu
Comments
Post a Comment