মই তোমাক বিচাৰি আছো
এটা পুৱাৰ কথা
কোমল ৰৌদ্ৰোজ্বল
প্ৰচুৰ সম্ভাৱনা,
কথা পাতি আছিলো মাটি আৰু মেঘ
মেঘ আৰু বৰষুণত পথাৰ উৰ্বৰা।
সেইবাবেই নেকি আন্ধাৰ আৰু পোহৰ
পোহৰ আৰু জীৱন
য'ত গুণ গুনাই আছিল গোলপীয়া কিম্বা সোনাৰু হালধীয়া
তামৰঙী হেঁপাহে খুন্দিয়াই জুৰুলা কৰা
ক্ষণটো
চুই আছিলো পথৰুৱা ঘাটৰ উকি ।
আজি তুমি নাই
চকু দুটা কাঢ়ি থলো পাৰিমানে
স্মৃতিৰ অপেক্ষা ধোঁৱাবৰণীয়া পথ
জলক টবক চকুত
প্ৰজ্বলিত চাকি
স্পষ্ট।
আৰু মই বিচাৰি আছো সময় চানেকিত
তোমাক।
------ মেঘালী ৰাজকোঁৱৰী।
১০/৭/২০১৮
এটা পুৱাৰ কথা
কোমল ৰৌদ্ৰোজ্বল
প্ৰচুৰ সম্ভাৱনা,
কথা পাতি আছিলো মাটি আৰু মেঘ
মেঘ আৰু বৰষুণত পথাৰ উৰ্বৰা।
সেইবাবেই নেকি আন্ধাৰ আৰু পোহৰ
পোহৰ আৰু জীৱন
য'ত গুণ গুনাই আছিল গোলপীয়া কিম্বা সোনাৰু হালধীয়া
তামৰঙী হেঁপাহে খুন্দিয়াই জুৰুলা কৰা
ক্ষণটো
চুই আছিলো পথৰুৱা ঘাটৰ উকি ।
আজি তুমি নাই
চকু দুটা কাঢ়ি থলো পাৰিমানে
স্মৃতিৰ অপেক্ষা ধোঁৱাবৰণীয়া পথ
জলক টবক চকুত
প্ৰজ্বলিত চাকি
স্পষ্ট।
আৰু মই বিচাৰি আছো সময় চানেকিত
তোমাক।
------ মেঘালী ৰাজকোঁৱৰী।
১০/৭/২০১৮
Comments
Post a Comment