‌স্মৃতিৰ দুটামান স্তৱক
------------------------------- মেঘালী ৰাজকুমাৰী
    ( চিঠি)
বসন্তই তুলি ধৰা গুটি গুটি আখৰত
নৈ কাষৰীয়া শিমলু ফুলে
সৰিয়হ ফুলা হেঁপাহৰ আপাহত
বতাহৰ ভিৰ ঠেলি এতিয়াও ৰিঙিয়াই
ৰঙা বাকছত আহিনৰ চিঠি ।
   ( অনুভৱ )
শেৱালি ৰাতি তৰা ভৰা আকাশত
নীয়ৰৰ টুপ টুপ শৱদ
জোনাকী পৰুৱা এটি কঁপি কঁপি নাছি থাকে
কুঁৱলীৰ মায়াসনা বাটত ।

  (আবেগ )
হেমন্তৰ ৰাতি পাটমাদৈ জোন
জোনাকীয়ে কৰে তাঁতবাতি
কিজানিবা লগ পাওঁ
কিজানিবা লগেই পাওঁ
বুকুত খুটিয়াই সোণালী পখী ।

 (স্মৃতি)
মদাৰৰ ৰঙা পাহিত ফাগুনে উৰুৱাই
বিৰিণাৰ এডালি ঠাৰি
বাঁহৰ পাতত বহি বতাহী পখিলী
কাণ উনাই ৰয় এতিয়াও

তুমি বাৰু আহিছা নেকি ?

Comments

Popular posts from this blog