স্মৃতিৰ ডুখৰিয়া কলাজ




এতিয়া নিজান ৰাতি
জোনৰ পোহৰত চকা মকা ছবি
অচিন পখীৰ মাতত
মৌনতাই সাৰ পালে
ডেউকাৰ ঢপঢপনিত
মৃদু বতাহ।

শিহৰিত আবেগে
চুই চোৱা পৰত
কেনিনো গুছি গ'ল
কোন আছিল?

এন্ধাৰে এন্ধাৰে খেপিয়াই চাই
ধোঁৱাময় এখনি
জলছবি
চকুৰে নমনি
বাঁহ পাতৰ আগলিত
নূপুৰৰ  ঝুঝুননি।

                            --  মেঘালী 

Comments

Popular posts from this blog