নদী
---------
নদীক ভালপোৱাৰ বাবেই নেকি
পাৰ নমনা যৌৱনৰ ইপাৰ সিপাৰ খুটিয়াও
দুকোলটকা বানে ধুই নিয়া বলুকাত
খোজবোৰ বিচাৰি চাওঁ।
চাপৰি
--------------
নদীৰ চাপৰিত কি সুৰ বাজে সখী?
পলসুৱা বানে থৈ গ'ল
তোৰ মোৰ স্মৃতিৰ জিঞা খাটী
পাখি
উদঙীয়া বতাহে সৰিয়হ ফুলাই
বুকুৰ জলাশয় জেপজেপীয়া
বাৰিষাৰ সুগন্ধি।
বৈ গ'ল
------------
বেলিৰ সুৰুঙাৰে কোবাকোবিকৈ
বৈ গ'ল
জোনৰ পোহৰত নাচি থাকিল
ঢৌৰ কোমল হেন্দোলনি
আইনা কঁপিল
মায়াময় জোনাক
শূণ্য নুবুলু আকাশ।
---------
নদীক ভালপোৱাৰ বাবেই নেকি
পাৰ নমনা যৌৱনৰ ইপাৰ সিপাৰ খুটিয়াও
দুকোলটকা বানে ধুই নিয়া বলুকাত
খোজবোৰ বিচাৰি চাওঁ।
চাপৰি
--------------
নদীৰ চাপৰিত কি সুৰ বাজে সখী?
পলসুৱা বানে থৈ গ'ল
তোৰ মোৰ স্মৃতিৰ জিঞা খাটী
পাখি
উদঙীয়া বতাহে সৰিয়হ ফুলাই
বুকুৰ জলাশয় জেপজেপীয়া
বাৰিষাৰ সুগন্ধি।
বৈ গ'ল
------------
বেলিৰ সুৰুঙাৰে কোবাকোবিকৈ
বৈ গ'ল
জোনৰ পোহৰত নাচি থাকিল
ঢৌৰ কোমল হেন্দোলনি
আইনা কঁপিল
মায়াময় জোনাক
শূণ্য নুবুলু আকাশ।
Comments
Post a Comment