প্ৰেম
-      --------
এই যে বসন্তত উত্তাল একোঁচ হাঁহি
ফুলবোৰ ফুলিছে ভোমোৰা আলহী
আকৌ যে শীতত উদাসীন গছবোৰ
ফাগুনে উৰুৱাই পদুলীৰ ধূলি।

কুঁহিপাতৰ বুকুত অলেশ গাঁথা
মিচিকণিৰ আঁৰতে
পথাৰ বাৰিষা
দুৱৰি বনত নিয়ৰ জীপাল
শৰৎ শেৱালী ৰাতিৰ ফুলপাহী
আঘোনে নোৱাৰে দিব সোনালী দিনপঞ্জী
নোপোৱাতে পোৱা
পোৱাটো উদং খৰাহী।

------ মেঘালী।

Comments

Popular posts from this blog