দুখৰ বিলাপ
------------------(১)
ফেঁহুজালিতে ছিঁ ছিঁয়াই
এহালি এমাডিমা শালিকী
দেহি ঐ ওঁঠযোৰ কঁপি আছে
জাগলপতা বৰষুণ ওৰেটো ৰাতি
জুপুৰিত একাঠু পানী ।
(২)
বাওধানৰ সজালতা
বিৰিশ বগাব খোজে ,
ৰাতিবোৰ দেওলগা
পপীয়া তৰাটি হৈ নিশাটোতে বাগৰি
দেহৰ প্ৰতিটো ভাঁজ কোঙা
বিষে কোপে জাৰে জহে
টঙীঘৰে মুখ মেলি চালে
হুৰ হুৰ বতাহ চৰাই ।
(৩)
আবেগৰ আবুৰসনা পুৱাটো
চিলা হৈ উৰি গ'ল
কোন দিশে নাজানো
কুৰুৱা পখীৰ পাখিৰ ঢপঢপনি
পূব আৰু পশ্চিম ,উত্তৰ আৰু দক্ষিণ
সুৰ এটি বাজি থাকিল
নিষাদ গান্ধাৰ ৰাগৰ তানত
বিষাদৰ ।
Comments
Post a Comment