আপুনি সুখী মানুহ



সুখী মানুহে কিয় কবিতা লিখি
নিজক  উলংগ কৰে
কল্পনাবিলাসী কবিবোৰ ওজন হয়
তুলাচনীত
 ডিচপজেবোল আচ্ বাব।

সুখী মানুহৰ দেহটো থাইৰদে বাস কৰে
বিষৰ কোপত বিষালিৰ সংজ্ঞা আপুনি  নাজানে
ইউৰিক এচিড বাঢ়ি ভৰি হাত কুটকুটাই বিচনাত বাগৰি ফুৰা ৰোগীৰ নিৰৱ আতাহ
সুখী মানুহৰ কবিতা।

কেন্সাৰৰ অক্টোপাছ আলিংগনত তেজে বমি কৰি জঠৰ হৈ পৰাটোও
সুখী মানুহৰ কবিতাত হব পাৰে
বিষাদৰ নিৰ্মোহ বিশ্লেষণ।

প্ৰেমাস্পদক হেৰুৱাই ওৰেটো ৰাতি ইকাটি -- সিকাটি
শব্দৰ বাক্যবানত সুখী হ'লে তাতে কিনো অসুখ
নুবুজা নিৰসলোকে ভিতৰি বন্ধা বেহুতকৈ বাহ্যিক আৱেষ্টনী মসৃণ কোঠা

কবিতা।

কোনো এক জিৰণি চ'ৰাত অৰ্ধমৃত দেহবোৰ
য'ত ভেনা মাখিৰ বাঁহ
তাটো হব পাৰে বিষাদ যন্ত্ৰণাৰ কবিতা
পলিথিনত পেলাই থৈ যোৱা দেৱশিশুটোও হুমুনিয়াহৰ উশাহ।

ড্ৰেচিং আইনাখন শোৱনি কোঠাৰ

বুলি ভবাতকৈ

চৌদিশে ঘূৰাই নিজকে চাওঁক
কিমান ধুসৰ হব পাৰে জীৱন যাত্ৰা
সুখী মানুহৰ চকুত ও চলিহাই পৰে
তাতো সৃষ্টি হব পাৰে
দুৰ্কপলীয়া জীৱন যুদ্ধ
সংগ্ৰামৰ বেথা ভৰা কাঁয়া কল্প।

Comments

Popular posts from this blog