দুটি স্তৱক

---------------------------

         (১)

আজলী তৰা ,কুমাৰী জোন

দোৰোণফুলীয়া  হিয়াত

বাখৰুৱা মণি

ডালিমফুলীয়া গলপতাত

চুমি গ'ল

দুবৰি সেউজ এটি চৰাই 

কেতেকীয়া কঁকালত

নাচোনৰ পাটমাদৈ সপোন ।


      (2)

গৰাখহনীয়া জাঁজী

বিৰিণা দেহাটিৰ গাগৰি উটে

কুহুমবুলীয়া বেলিৰো

নেভাগে ঠেহ

শীতত শুকাই দুওঁঠ

লুকা -চুৰি খেলো কেতিয়াবা 

মাথো এটি নিচুকণী গীত ।


        মেঘালী ৰাজকুমাৰী

  ৭/৭/২০১৭

Comments

Popular posts from this blog