নাই বুলি কোনোদিনে

            (১)
নাই বুলি কোনোদিনে উদ্বাউল হোৱা নাই
আছে বুলি খামুচি ৰখা নহ'ল 
জেতুলীপকা ৰং
চুই চোৱা শূণ্যতাত
যি অকন উশাহ
সঁজাল পথাৰৰ ৰিব্ ৰিব্ বতাহ।
         (২)
গুচি যোৱা সময়বোৰ আঁতৰিয়ে গ'ল
স্মৃতিৰ গলপতা সোনবুলীয়া
নে তামবৰণীয়া
হেপঢুকীলেই ডিঙি চুই যায়।
     (৩)
আত্মৰ আত্মীতা ইমান সহজ
হাইঠা বুলীয়া হাঁহিবোৰ 
গোজ পুতি থৈ
যাওঁ বুলি কবলৈ সময়ে নোকোলাই
নিমাত নিমাখিত প্ৰজাপতি
চেচুকীয়া বনত উদাস দুচকু।
        (৪)
কিমান কাতৰ হ'লে বুকুখন পুৰে
কিমান আবেগ দিলে গোপনীয়তা চিঙে
কিমান আপোন হ'লে অনৰ্গল বিনিময় চলে
নকৈয়ো যেন কৈ পেলায়
কৈয়ো যেন শেষ নহয়।
        (৫)
আউল লগা ভাৱনা
মন গ'লে পদুলী গৰকি দূৰণিলৈ
চাই পঠিয়াওঁ
বাটৰ কেঁকোৰিয়ে কেঁকোৰিয়ে 
কদমৰ ফুল বুটলি
জাকৈয়া গাভৰুৰ খিলখিলনি
জান অজান
প্ৰতিধ্বনি।







Comments

Popular posts from this blog