ভাৱৰ স্তৱক
--------------------------------
        (ক)
আমি যেন এতিয়া প্ৰত্যেকেই একোজন এল'কহলিক ৰোগী
নিচাসক্ত  ৰাতি
নীলাভ পানীত ঢেলপঙা বাই ফুৰা একুৰিয়ামৰ মাছ।
     (খ)
সপোন বুটলা পৰত ঠিকেই আছিল
নয়ন ভৰাই চোৱা পদপথৰ পথিক
এপিয়লা গৰম চাহ
ওঁঠৰ চুমা
ভাগৰ জুৰুৱাকৈ।

সাৰ পায় কি দেখিলা
দেখিলা কি?

ঘুলা পানীত ঘূৰমুতিয়াই আছে

কুকুৰিকণা সদৃশ ডঁৰিকণাৰ জাক।

Comments

Popular posts from this blog