আমি আমাৰ প্ৰেম -ভালপোৱাক চেলিব্ৰেট কৰো আহক




আচলতে আমি প্ৰত্যকে প্ৰেমত পৰো
ফুল ,তৰা ,গান ,আবেগ,অৰণ্য
আকাশ, আপোনাৰ ,তোমাৰ ।

কোলাহলত লগ পালো আপোনাক
আবেগত পালো
বাছ ষ্টপেজৰ তিনিআলিত
ষ্টেচনৰ ষ্টিট লাইটৰ পোহৰত দেখিলো
গন্তব্য স্থান সামৰি ঘৰা -ঘৰি 
মৃদু  গুঞ্জন হৃদয়ত ।

কেতিয়াবা এজাক ডবালপিটা বৰষুণ
কেতিয়াবা পুৱাৰ ৰৌদ্ৰজ্বল আভা
কেতিয়াবা ডাঠ কুঁৱলী ফালি জোনাকী নিশা
কেতিয়াবা গৰখীয়া পেঁপাৰ বিষাদ গাঁথা ।
শূৰ্পণখাৰ নাক  কাটি যুদ্ধ জয়ৰ ঘোষণা
সীতাৰ বিষাদ গাঁথা কোনেও নুবুজা
কুন্তীৰ কালিমা কোনো কালে নুগুচা
গান্ধাৰীৰ অন্ধকাৰৰ জয়াল পিতনি
সহস্ৰজনৰ মাজত ৰাজসভাতে
দ্ৰৌপদীক উলংগ কৰাৰ প্ৰয়াস
আবুৰ দিয়া ,ছন্দ্ৰমল্লিকা চটিয়াই ঘ্ৰাণিত কৰা ।
নিৰ্ভয়াৰ তেজৰ কীটবোৰ সমাধি দিয়া
বেলতলাৰ কলংকিত কিৰিলিবোৰ জ্বলাই পেলোৱা
বৃহৎ এটা ছাইপ্ৰেছ সাজা ।

পোচাকযোৰ আঁতৰাই দিয়া
অবাবত চিঞৰি মাতি আছা আধুনিকতাক,
চুই চোৱা
প্ৰেম -ভালপোৱাৰ পুৰাতনী  ৰূপ
কালিদাসৰ মেঘদূত ,ডান্টেৰ ডিভাইন কমেডিয়া
শ্যেলি ,কীটচ্ ,গ্যেট ,গনেশ গগৈৰ
বিষাদ মিশ্ৰিত আশাৰঞ্জিত কবিতা,
খলা -বমা দুটি আলিবাট
কোনোবাটি দীঘল কোনোবাটি চুটি
গৰুৰ ,মহৰ খোজত উফাল খোৱা দুভৰি
তথাপি আমি প্ৰেমত পৰো
চিয়েৰচ্ নিশাৰ গোলাপী  ৰাগী ।

আত্মশ্লাঘা ,আত্মভিমান,আত্মহনন
যুদ্ধজয়ৰ ঘোষণাৰে নহয়
চেলিব্ৰট কৰো আহক
প্ৰেম ভালপোৱাবোৰ।
           
                               
                                                                                                                ---  মেঘালী গগৈ 
                                                                                                                      ১১/১১/২০১৬

Comments

Popular posts from this blog