কি যে অশান্তি




অত্যন্ত দহনত হয় কেতিয়াবা
মোৰ প্ৰতি আপোনাৰ প্ৰতি
মানুহৰ প্ৰতি,

সন্ধিয়া সময় কণ একান্তই নিজা বুলি
ভবা পিছতো
তেজ পিয়া মহকেইজনীয়ে গান শুনাই
খুট মাৰি থয় অনাহুত অনাকাংশিত সুৰ এটা
যি মই কোনো দিনে নিবিচাৰো

কি যে অশান্তি!

মৌন সময় কণ গহীন সুৰৰ স্বৰ এটি
সামৰি লোৱা পিছতো
কেঁকোৰাৰ বুকুত পোৱালীসোপাৰ কিৰিলি
কি যে অশান্তি !

সদায়ে পলাব খোজো
পলাই পলাইয়ে সোমাই আছো এটা খোৰোঙত
প্ৰতিবাদ বুলি ৰাজপথত থিয় হৈ
মই এক  অকলশৰীয়া জনহীন পথিক

কি যে অশান্তি!

মুকলি পথাৰখন চাবলৈ খুজিও
কুচি মুচি সোমাই পৰা মনটো
দুৰাৰোগ্য  ব্যাধি বুলিয়ে মানি ল'লো।

কি যে অশান্তি!!!!

                                          --- মেঘালী

Comments

Post a Comment

Popular posts from this blog