যোৱাকালি কি হৈছিল সেয়া নাভাবো

                                                                                    ---  মেঘালী গগৈ

যোৱাকালি কি হৈছিল সেয়া বাদ দিয়া
মেঘৰ আকাশত ক'লা বগা দলিচা
খলপা - খলপি বাটটোত পদুম ভৰি
উফাল যদি নাখাৱ ক'ত পাবি
চিকিমৰ কাঞ্চনজংঘাত উঠি অহা
সুমথিৰা হাঁহি।

এদিন উৰি যাবি জাতিংগাত
জলফাই পাতত উঠি মৌ চুপা  আবেলি
ওঁঠ দুটা চেলেকি সাউৎকৈ পৰিবহি
জাক পখী
মাহ কৰাই খুটিয়াই ভৰি পৰিব
 মাদুৰী বন হেঙুল হাইতাল।

আজি যদি ক'লো চিলা উৰিছে ফাগুন বনত
কাইলৈ কম শীতৰ প্ৰকোপত শেতা দুওঁঠ
আকৌ যদি ক'লো বসন্তৰ মই এক উৰণীয়া ঢৌ
ক্ষণিকতে কৈ দিম
বানে খহালে  বুকুৰ খৰস্ৰোতা গৰা জাঁজি নৈ।

যদি ক'লো নক্ষত্ৰ জ্বলিছে
প্ৰগলভ আহিনৰ বুকুত
পুণৰাই কব পাৰো
পৰিত্যক্ত ভগ্নাংশত উজ্বলি আছে
সুৰুযৰ সোণসেৰীয়া আঘোনী পানচৈ।

যোৱাকালিৰ কি হৈছিল সেয়া নাভাবো
উদঙীয়া পথাৰৰ কাজলী
বলগুটিত ল'ৰি কাগজৰ চিলা উৰুওৱা চাওঁ
প্ৰখৰ ৰ'দৰ উত্তাপ সখীয়তী বাঁহী।

একো ভাবিব লগা কথা নহয়
যদি বেছি ভাবি আমনি হয়
চিলাৰ সুতা চিঙিল
কোনোবা কটঙা পাহাৰৰ টিঙত
কৰকৰিয়া হৈ জহি খহি গ'লে
দুখ নাই
নাই দুখ
একেবাৰে।

Comments

Popular posts from this blog