ঢ়োৰা কাউৰী আৰু টিপচি চৰাই
-- মেঘালী গগৈ।
ঢ়োৰা কাউৰীৰ মনটো দেখি এদিন ভাবিছিলো
টিপচিক চিনি নোপোৱা বাবে ভস্মীভূত হ'ল সি বৰটো ভাবি।
কিন্তু কেনেকৈ?
সহস্ৰ লোলুপ জিভাৰ মাজত সংগ্ৰাম
ভোকাতুৰ কাউৰীৰ লেলাৱতি বিয়পা ওঁঠ
যুদ্ধ আৰু শক্তিৰ কাষত
নতজানু,
জঁকা সদৃশ বৃক্ষৰ বুকুত
কাঠৰোকাৰ দৰে খুটিয়াই
উকা বাসনা
খৰাং পীড়িত উপত্যাকা
ঘূৰ্ণী বতাহে উৰুৱাই নিয়া পঁজাত
ফুটা বাটে জোনটো চোৱা
নতুন কথা নহয় তাইৰ।
সেয়েহে ,
ৰং কিনিবও জানে ৰং চাবও জানে
হৃয়হীন জনসমুদ্ৰত।
আৰু কাউৰী ?
তাৰ অতপালিত ক'ত টিপচিৰ শাও পাত
জ্বলি জ্বলি নিজেই নিঃশেষ
বিশাল সাগৰ আৰু সামুদ্ৰিক বতাহজাকৰ বাদে
কোনেও সমাধি নিদিলে
পানীয়েও নোচোৱা দেহত
পখলা নহ'ল শৰীৰ পবিত্ৰতাৰ গুনগান
প্ৰাৰ্থনা সভাত গৰ্হিত ঘৃণিত
হাত চাপৰি
টিপচি নেত্ৰী হ'ল।
-- মেঘালী গগৈ।
ঢ়োৰা কাউৰীৰ মনটো দেখি এদিন ভাবিছিলো
টিপচিক চিনি নোপোৱা বাবে ভস্মীভূত হ'ল সি বৰটো ভাবি।
কিন্তু কেনেকৈ?
সহস্ৰ লোলুপ জিভাৰ মাজত সংগ্ৰাম
ভোকাতুৰ কাউৰীৰ লেলাৱতি বিয়পা ওঁঠ
যুদ্ধ আৰু শক্তিৰ কাষত
নতজানু,
জঁকা সদৃশ বৃক্ষৰ বুকুত
কাঠৰোকাৰ দৰে খুটিয়াই
উকা বাসনা
খৰাং পীড়িত উপত্যাকা
ঘূৰ্ণী বতাহে উৰুৱাই নিয়া পঁজাত
ফুটা বাটে জোনটো চোৱা
নতুন কথা নহয় তাইৰ।
সেয়েহে ,
ৰং কিনিবও জানে ৰং চাবও জানে
হৃয়হীন জনসমুদ্ৰত।
আৰু কাউৰী ?
তাৰ অতপালিত ক'ত টিপচিৰ শাও পাত
জ্বলি জ্বলি নিজেই নিঃশেষ
বিশাল সাগৰ আৰু সামুদ্ৰিক বতাহজাকৰ বাদে
কোনেও সমাধি নিদিলে
পানীয়েও নোচোৱা দেহত
পখলা নহ'ল শৰীৰ পবিত্ৰতাৰ গুনগান
প্ৰাৰ্থনা সভাত গৰ্হিত ঘৃণিত
হাত চাপৰি
টিপচি নেত্ৰী হ'ল।
Comments
Post a Comment