Posts

শেষৰো শেষ ঠিকণা অতীত বুলিবলৈ বাট লাখুটি এডালেই কেৰাচিন চাকি পোহৰৰ জুপুৰি এটা অতীত বুলিবলৈ কিনো আছে সাঁচতীয়া টোপোলাত কেইবাটাও ফুটা। ধুমুহাৰ বাউলী চুলি কিমান আমনি মেঘে ঢকা ঢেৰেকণি ভয়াবহ কিমান চকা - মকা বিজুলীয়ে কব গেজেপনি আন্ধাৰ কিমান জয়াল নৈঃশব্দতা পোহৰ বুলি এন্ধাৰৰ যাত্ৰা। শেষৰ খুটিত ধেনুভিৰীয়া জিৰণি য'ত মাত্ৰ এৰেহা কইতালিৰ পানী ছাঁই আৰু ধূলিৰ  পৃষ্ঠা মাটিৰ আমি মাটিতে বিলীন কবৰত শেষ ঠিকনা।
ভিলেইজ ৰক ষ্টাৰ চালো               -  মেঘালী গগৈ।                   ৩০/৯/২০১৮ ভিলেইজ ৰ'ক ষ্টাৰ চালো বুলি হাতচাপৰি বজাই বজাই হাঁহি আছো আমি হেনো নগৰীয়া হৈ গৈছিলো। নগৰীয়া হোৱাতনো কি অপৰাধ উন্মাদৰ দিনলিপিত কিহৰ অজুহাত আধুনিকতাক দোহাই দি জনাকৈ সাজি লৈছো পিঞ্জৰা ভাটৌ --- তই মাত, তই মাত শিক্ষাৰ আদিপাঠ মাহ কৰাই কোঁচ ভৰাই ,কোঁচতে দিম। মুকলি পথাৰৰ মাজে জুপুৰিৰ কণমইনাই গৰখীয়া নাম জুৰে চিঞৰি চিঞৰি নগৰৰ দেৱালত ঠেকা খাই পৰে নগৰে পাতিলে সভা ৰং বিৰঙৰ পোহৰত আতচবাজিৰ মেলা পিঞ্জৰাৰ ভাটৌ গ'ল বাতায়নী গাড়ীত যন্ত্ৰৰ ঢেকীয়া লতাত সেউজীয়া বিচাৰি উদাস চকুৰে চালে মাত্ৰ চালে বোকা পানীৰ ভৌগলিক সীমা কি কিবা জানো বুজি পালে ? উশাহৰ বতাহ ও আছিল বন্ধা। এতিয়া যি বতাহ বলিছে ঠিকেই উৰুখা উদং অহংকাৰে লাজ পাব ফুট তোলা গছবোৰে জিৰণি লব বিশাল অৰণ্যৰ সেউজীয়াৰ বুকুত তেপৰ টেঙা বুটলিব ঢকুৱাৰ বিছনীৰে শীতলাব দেহা ঢেকীয়া কচুলটি কি বুলি নুসুধিব নুসুধিব মা।
ঢ়োৰা কাউৰী আৰু টিপচি চৰাই                                                                             --     মেঘালী গগৈ। ঢ়োৰা কাউৰীৰ মনটো দেখি এদিন ভাবিছিলো টিপচিক চিনি নোপোৱা বাবে ভস্মীভূত  হ'ল সি বৰটো  ভাবি। কিন্তু কেনেকৈ? সহস্ৰ লোলুপ জিভাৰ মাজত সংগ্ৰাম ভোকাতুৰ কাউৰীৰ লেলাৱতি বিয়পা ওঁঠ যুদ্ধ আৰু শক্তিৰ কাষত নতজানু, জঁকা সদৃশ বৃক্ষৰ বুকুত কাঠৰোকাৰ দৰে খুটিয়াই উকা বাসনা খৰাং পীড়িত উপত্যাকা ঘূৰ্ণী বতাহে উৰুৱাই নিয়া  পঁজাত ফুটা বাটে জোনটো চোৱা নতুন কথা নহয় তাইৰ। সেয়েহে , ৰং কিনিবও জানে ৰং চাবও জানে হৃয়হীন জনসমুদ্ৰত। আৰু কাউৰী ? তাৰ অতপালিত ক'ত টিপচিৰ শাও পাত জ্বলি জ্বলি নিজেই নিঃশেষ বিশাল সাগৰ আৰু সামুদ্ৰিক বতাহজাকৰ বাদে কোনেও সমাধি নিদিলে পানীয়েও নোচোৱা দেহত পখলা নহ'ল শৰীৰ পবিত্ৰতাৰ গুনগান প্ৰাৰ্থনা সভাত গৰ্হিত ঘৃণিত হাত চাপৰি টিপচি নে...
যোৱাকালি কি হৈছিল সেয়া নাভাবো                                                                                     ---  মেঘালী গগৈ যোৱাকালি কি হৈছিল সেয়া বাদ দিয়া মেঘৰ আকাশত ক'লা বগা দলিচা খলপা - খলপি বাটটোত পদুম ভৰি উফাল যদি নাখাৱ ক'ত পাবি চিকিমৰ কাঞ্চনজংঘাত উঠি অহা সুমথিৰা হাঁহি। এদিন উৰি যাবি জাতিংগাত জলফাই পাতত উঠি মৌ চুপা  আবেলি ওঁঠ দুটা চেলেকি সাউৎকৈ পৰিবহি জাক পখী মাহ কৰাই খুটিয়াই ভৰি পৰিব  মাদুৰী বন হেঙুল হাইতাল। আজি যদি ক'লো চিলা উৰিছে ফাগুন বনত কাইলৈ কম শীতৰ প্ৰকোপত শেতা দুওঁঠ আকৌ যদি ক'লো বসন্তৰ মই এক উৰণীয়া ঢৌ ক্ষণিকতে কৈ দিম বানে খহালে  বুকুৰ খৰস্ৰোতা গৰা জাঁজি নৈ। যদি ক'লো নক্ষত্ৰ জ্বলিছে প্ৰগলভ আহিনৰ বুকুত পুণৰাই কব পাৰো পৰিত্যক্ত ভগ্নাংশত উজ্বলি আছে সুৰুযৰ সোণসেৰীয়া আঘোনী পানচৈ। যোৱাকালিৰ কি হৈছিল সেয়া নাভাবো উদঙীয়...
কি যে অশান্তি অত্যন্ত দহনত হয় কেতিয়াবা মোৰ প্ৰতি আপোনাৰ প্ৰতি মানুহৰ প্ৰতি, সন্ধিয়া সময় কণ একান্তই নিজা বুলি ভবা পিছতো তেজ পিয়া মহকেইজনীয়ে গান শুনাই খুট মাৰি থয় অনাহুত অনাকাংশিত সুৰ এটা যি মই কোনো দিনে নিবিচাৰো কি যে অশান্তি! মৌন সময় কণ গহীন সুৰৰ স্বৰ এটি সামৰি লোৱা পিছতো কেঁকোৰাৰ বুকুত পোৱালীসোপাৰ কিৰিলি কি যে অশান্তি ! সদায়ে পলাব খোজো পলাই পলাইয়ে সোমাই আছো এটা খোৰোঙত প্ৰতিবাদ বুলি ৰাজপথত থিয় হৈ মই এক  অকলশৰীয়া জনহীন পথিক কি যে অশান্তি! মুকলি পথাৰখন চাবলৈ খুজিও কুচি মুচি সোমাই পৰা মনটো দুৰাৰোগ্য  ব্যাধি বুলিয়ে মানি ল'লো। কি যে অশান্তি!!!!                                           --- মেঘালী
আপুনি সুখী মানুহ সুখী মানুহে কিয় কবিতা লিখি নিজক  উলংগ কৰে কল্পনাবিলাসী কবিবোৰ ওজন হয় তুলাচনীত  ডিচপজেবোল আচ্ বাব। সুখী মানুহৰ দেহটো থাইৰদে বাস কৰে বিষৰ কোপত বিষালিৰ সংজ্ঞা আপুনি  নাজানে ইউৰিক এচিড বাঢ়ি ভৰি হাত কুটকুটাই বিচনাত বাগৰি ফুৰা ৰোগীৰ নিৰৱ আতাহ সুখী মানুহৰ কবিতা। কেন্সাৰৰ অক্টোপাছ আলিংগনত তেজে বমি কৰি জঠৰ হৈ পৰাটোও সুখী মানুহৰ কবিতাত হব পাৰে বিষাদৰ নিৰ্মোহ বিশ্লেষণ। প্ৰেমাস্পদক হেৰুৱাই ওৰেটো ৰাতি ইকাটি -- সিকাটি শব্দৰ বাক্যবানত সুখী হ'লে তাতে কিনো অসুখ নুবুজা নিৰসলোকে ভিতৰি বন্ধা বেহুতকৈ বাহ্যিক আৱেষ্টনী মসৃণ কোঠা কবিতা। কোনো এক জিৰণি চ'ৰাত অৰ্ধমৃত দেহবোৰ য'ত ভেনা মাখিৰ বাঁহ তাটো হব পাৰে বিষাদ যন্ত্ৰণাৰ কবিতা পলিথিনত পেলাই থৈ যোৱা দেৱশিশুটোও হুমুনিয়াহৰ উশাহ। ড্ৰেচিং আইনাখন শোৱনি কোঠাৰ বুলি ভবাতকৈ চৌদিশে ঘূৰাই নিজকে চাওঁক কিমান ধুসৰ হব পাৰে জীৱন যাত্ৰা সুখী মানুহৰ চকুত ও চলিহাই পৰে তাতো সৃষ্টি হব পাৰে দুৰ্কপলীয়া জীৱন যুদ্ধ সংগ্ৰামৰ বেথা ভৰা কাঁয়া কল্প।
স্মৃতিৰ ডুখৰিয়া কলাজ এতিয়া নিজান ৰাতি জোনৰ পোহৰত চকা মকা ছবি অচিন পখীৰ মাতত মৌনতাই সাৰ পালে ডেউকাৰ ঢপঢপনিত মৃদু বতাহ। শিহৰিত আবেগে চুই চোৱা পৰত কেনিনো গুছি গ'ল কোন আছিল? এন্ধাৰে এন্ধাৰে খেপিয়াই চাই ধোঁৱাময় এখনি জলছবি চকুৰে নমনি বাঁহ পাতৰ আগলিত নূপুৰৰ  ঝুঝুননি।                             --  মেঘালী