Posts

Showing posts from July, 2018
আপুনি সুখী মানুহ সুখী মানুহে কিয় কবিতা লিখি নিজক  উলংগ কৰে কল্পনাবিলাসী কবিবোৰ ওজন হয় তুলাচনীত  ডিচপজেবোল আচ্ বাব। সুখী মানুহৰ দেহটো থাইৰদে বাস কৰে বিষৰ কোপত বিষালিৰ সংজ্ঞা আপুনি  নাজানে ইউৰিক এচিড বাঢ়ি ভৰি হাত কুটকুটাই বিচনাত বাগৰি ফুৰা ৰোগীৰ নিৰৱ আতাহ সুখী মানুহৰ কবিতা। কেন্সাৰৰ অক্টোপাছ আলিংগনত তেজে বমি কৰি জঠৰ হৈ পৰাটোও সুখী মানুহৰ কবিতাত হব পাৰে বিষাদৰ নিৰ্মোহ বিশ্লেষণ। প্ৰেমাস্পদক হেৰুৱাই ওৰেটো ৰাতি ইকাটি -- সিকাটি শব্দৰ বাক্যবানত সুখী হ'লে তাতে কিনো অসুখ নুবুজা নিৰসলোকে ভিতৰি বন্ধা বেহুতকৈ বাহ্যিক আৱেষ্টনী মসৃণ কোঠা কবিতা। কোনো এক জিৰণি চ'ৰাত অৰ্ধমৃত দেহবোৰ য'ত ভেনা মাখিৰ বাঁহ তাটো হব পাৰে বিষাদ যন্ত্ৰণাৰ কবিতা পলিথিনত পেলাই থৈ যোৱা দেৱশিশুটোও হুমুনিয়াহৰ উশাহ। ড্ৰেচিং আইনাখন শোৱনি কোঠাৰ বুলি ভবাতকৈ চৌদিশে ঘূৰাই নিজকে চাওঁক কিমান ধুসৰ হব পাৰে জীৱন যাত্ৰা সুখী মানুহৰ চকুত ও চলিহাই পৰে তাতো সৃষ্টি হব পাৰে দুৰ্কপলীয়া জীৱন যুদ্ধ সংগ্ৰামৰ বেথা ভৰা কাঁয়া কল্প।
স্মৃতিৰ ডুখৰিয়া কলাজ এতিয়া নিজান ৰাতি জোনৰ পোহৰত চকা মকা ছবি অচিন পখীৰ মাতত মৌনতাই সাৰ পালে ডেউকাৰ ঢপঢপনিত মৃদু বতাহ। শিহৰিত আবেগে চুই চোৱা পৰত কেনিনো গুছি গ'ল কোন আছিল? এন্ধাৰে এন্ধাৰে খেপিয়াই চাই ধোঁৱাময় এখনি জলছবি চকুৰে নমনি বাঁহ পাতৰ আগলিত নূপুৰৰ  ঝুঝুননি।                             --  মেঘালী 
মনানুভৱ                          (১) গোমা পশ্চিমে ওন্দোলাই আনিলে আকাশ বিজুলী ঢেৰেকণি অস্থিৰ মন অবাক।                      (২) পূবে ওলালে পুৱাৰ বেলি কোমল সমীৰে চুলেহি দুভৰি।                      (৩) বাৰিষা মানেই সেউজী পথাৰ ডৰিকনা আখল ইহাত সিহাত বেহাবলৈ যাওঁ কেৰু ,খাৰু, মণি আৰ্চী ,কাকৈ ,ফণি ন - কইনা সাজ।                       (৪) পাহাৰ টিঙৰ পৰা নামিল স্ফটিক জুৰি হাঁহিৰ সঁফুৰা খোল ভৰা যমুনা ৰুণজুন ধ্বনি।
সময়                                 --    মেঘালী ৰাজকুমাৰী                                        ২২/৪/২০১৮ ঘড়ী কাঁটাৰ টিকটিকনি উনাই যেতিয়া সময়বোৰ গুচি গৈছিল কোনো দিনে কোৱা নাছিলো সৰাপাতলৈ বসন্ত অহাৰ খবৰ। নাহৰৰ মসৃণ দেহত চিপচিপিয়া বৰষুণ সুললিত ৰাগ চুপহি সৰিছিল নে চুপিছিল তাতো নাছিল আবেগৰ খবৰ। ন পানী পথাৰত কেঁচু কুমতিৰ তান জীৱনে দিবনে যৌৱনৰ সঁফুৰা সংগ্ৰানে সীব নে এককাল পানী তাতো নাছিল একো খবৰ। এতিয়া, সময়ক সময়ে বান্ধি খবৰৰ বাবে অজস্ৰ খবৰ মুখৰ প্ৰতিছব্বিত আন এখন মুখ । বিষাদ ,স্মৃতি জৰ্জৰিত শেতা চাঁৱনিত কোনোবা নোহোৱা খবৰ উদাস বুকুত কঁপি থাকে জান নিজান এখন তৈলচিত্ৰ।
মই তোমাক বিচাৰি আছো এটা পুৱাৰ কথা  কোমল ৰৌদ্ৰোজ্বল প্ৰচুৰ সম্ভাৱনা, কথা পাতি আছিলো  মাটি আৰু মেঘ মেঘ আৰু বৰষুণত পথাৰ উৰ্বৰা। সেইবাবেই নেকি আন্ধাৰ আৰু পোহৰ পোহৰ আৰু জীৱন য'ত গুণ গুনাই আছিল গোলপীয়া কিম্বা সোনাৰু হালধীয়া তামৰঙী হেঁপাহে খুন্দিয়াই জুৰুলা কৰা ক্ষণটো চুই আছিলো পথৰুৱা ঘাটৰ উকি । আজি তুমি নাই চকু দুটা কাঢ়ি থলো পাৰিমানে স্মৃতিৰ অপেক্ষা ধোঁৱাবৰণীয়া পথ জলক টবক চকুত  প্ৰজ্বলিত চাকি স্পষ্ট। আৰু মই বিচাৰি আছো সময় চানেকিত তোমাক।                                                                                                                                                     ...
আমি আমাৰ প্ৰেম -ভালপোৱাক চেলিব্ৰেট কৰো আহক আচলতে আমি প্ৰত্যকে প্ৰেমত পৰো ফুল ,তৰা ,গান ,আবেগ,অৰণ্য আকাশ, আপোনাৰ ,তোমাৰ । কোলাহলত লগ পালো আপোনাক আবেগত পালো বাছ ষ্টপেজৰ তিনিআলিত ষ্টেচনৰ ষ্টিট লাইটৰ পোহৰত দেখিলো গন্তব্য স্থান সামৰি ঘৰা -ঘৰি  মৃদু  গুঞ্জন হৃদয়ত । কেতিয়াবা এজাক ডবালপিটা বৰষুণ কেতিয়াবা পুৱাৰ ৰৌদ্ৰজ্বল আভা কেতিয়াবা ডাঠ কুঁৱলী ফালি জোনাকী নিশা কেতিয়াবা গৰখীয়া পেঁপাৰ বিষাদ গাঁথা । শূৰ্পণখাৰ নাক  কাটি যুদ্ধ জয়ৰ ঘোষণা সীতাৰ বিষাদ গাঁথা কোনেও নুবুজা কুন্তীৰ কালিমা কোনো কালে নুগুচা গান্ধাৰীৰ অন্ধকাৰৰ জয়াল পিতনি সহস্ৰজনৰ মাজত ৰাজসভাতে দ্ৰৌপদীক উলংগ কৰাৰ প্ৰয়াস আবুৰ দিয়া ,ছন্দ্ৰমল্লিকা চটিয়াই ঘ্ৰাণিত কৰা । নিৰ্ভয়াৰ তেজৰ কীটবোৰ সমাধি দিয়া বেলতলাৰ কলংকিত কিৰিলিবোৰ জ্বলাই পেলোৱা বৃহৎ এটা ছাইপ্ৰেছ সাজা । পোচাকযোৰ আঁতৰাই দিয়া অবাবত চিঞৰি মাতি আছা আধুনিকতাক, চুই চোৱা প্ৰেম -ভালপোৱাৰ পুৰাতনী  ৰূপ কালিদাসৰ মেঘদূত ,ডান্টেৰ ডিভাইন কমেডিয়া শ্যেলি ,কীটচ্ ,গ্যেট ,গনেশ গগৈৰ বিষাদ মিশ্ৰিত আশাৰঞ্জিত কবিতা, খলা -বমা দুটি আলিবাট কোনো...
       ভাৱৰ স্তৱক --------------------------------         (ক) আমি যেন এতিয়া প্ৰত্যেকেই একোজন এল'কহলিক ৰোগী নিচাসক্ত  ৰাতি নীলাভ পানীত ঢেলপঙা বাই ফুৰা একুৰিয়ামৰ মাছ।      (খ) সপোন বুটলা পৰত ঠিকেই আছিল নয়ন ভৰাই চোৱা পদপথৰ পথিক এপিয়লা গৰম চাহ ওঁঠৰ চুমা ভাগৰ জুৰুৱাকৈ। সাৰ পায় কি দেখিলা দেখিলা কি? ঘুলা পানীত ঘূৰমুতিয়াই আছে কুকুৰিকণা সদৃশ ডঁৰিকণাৰ জাক।
        প্ৰেম -      -------- এই যে বসন্তত উত্তাল একোঁচ হাঁহি ফুলবোৰ ফুলিছে ভোমোৰা আলহী আকৌ যে শীতত উদাসীন গছবোৰ ফাগুনে উৰুৱাই পদুলীৰ ধূলি। কুঁহিপাতৰ বুকুত অলেশ গাঁথা মিচিকণিৰ আঁৰতে পথাৰ বাৰিষা দুৱৰি বনত নিয়ৰ জীপাল শৰৎ শেৱালী ৰাতিৰ ফুলপাহী আঘোনে নোৱাৰে দিব সোনালী দিনপঞ্জী নোপোৱাতে পোৱা পোৱাটো উদং খৰাহী। ------ মেঘালী।
দুটি স্তৱক ---------------------------          (১) আজলী তৰা ,কুমাৰী জোন দোৰোণফুলীয়া  হিয়াত বাখৰুৱা মণি ডালিমফুলীয়া গলপতাত চুমি গ'ল দুবৰি সেউজ এটি চৰাই  কেতেকীয়া কঁকালত নাচোনৰ পাটমাদৈ সপোন ।       (2) গৰাখহনীয়া জাঁজী বিৰিণা দেহাটিৰ গাগৰি উটে কুহুমবুলীয়া বেলিৰো নেভাগে ঠেহ শীতত শুকাই দুওঁঠ লুকা -চুৰি খেলো কেতিয়াবা  মাথো এটি নিচুকণী গীত ।         মেঘালী ৰাজকুমাৰী   ৭/৭/২০১৭
       নাই বুলি কোনোদিনে             (১) নাই বুলি কোনোদিনে উদ্বাউল হোৱা নাই আছে বুলি খামুচি ৰখা নহ'ল  জেতুলীপকা ৰং চুই চোৱা শূণ্যতাত যি অকন উশাহ সঁজাল পথাৰৰ ৰিব্ ৰিব্ বতাহ।          (২) গুচি যোৱা সময়বোৰ আঁতৰিয়ে গ'ল স্মৃতিৰ গলপতা সোনবুলীয়া নে তামবৰণীয়া হেপঢুকীলেই ডিঙি চুই যায়।      (৩) আত্মৰ আত্মীতা ইমান সহজ হাইঠা বুলীয়া হাঁহিবোৰ  গোজ পুতি থৈ যাওঁ বুলি কবলৈ সময়ে নোকোলাই নিমাত নিমাখিত প্ৰজাপতি চেচুকীয়া বনত উদাস দুচকু।         (৪) কিমান কাতৰ হ'লে বুকুখন পুৰে কিমান আবেগ দিলে গোপনীয়তা চিঙে কিমান আপোন হ'লে অনৰ্গল বিনিময় চলে নকৈয়ো যেন কৈ পেলায় কৈয়ো যেন শেষ নহয়।         (৫) আউল লগা ভাৱনা মন গ'লে পদুলী গৰকি দূৰণিলৈ চাই পঠিয়াওঁ বাটৰ কেঁকোৰিয়ে কেঁকোৰিয়ে  কদমৰ ফুল বুটলি জাকৈয়া গাভৰুৰ খিলখিলনি জান অজান প্ৰতিধ্বনি।
‌স্মৃতিৰ দুটামান স্তৱক ------------------------------- মেঘালী ৰাজকুমাৰী     ( চিঠি) বসন্তই তুলি ধৰা গুটি গুটি আখৰত নৈ কাষৰীয়া শিমলু ফুলে সৰিয়হ ফুলা হেঁপাহৰ আপাহত বতাহৰ ভিৰ ঠেলি এতিয়াও ৰিঙিয়াই ৰঙা বাকছত আহিনৰ চিঠি ।    ( অনুভৱ ) শেৱালি ৰাতি তৰা ভৰা আকাশত নীয়ৰৰ টুপ টুপ শৱদ জোনাকী পৰুৱা এটি কঁপি কঁপি নাছি থাকে কুঁৱলীৰ মায়াসনা বাটত ।   (আবেগ ) হেমন্তৰ ৰাতি পাটমাদৈ জোন জোনাকীয়ে কৰে তাঁতবাতি কিজানিবা লগ পাওঁ কিজানিবা লগেই পাওঁ বুকুত খুটিয়াই সোণালী পখী ।  (স্মৃতি) মদাৰৰ ৰঙা পাহিত ফাগুনে উৰুৱাই বিৰিণাৰ এডালি ঠাৰি বাঁহৰ পাতত বহি বতাহী পখিলী কাণ উনাই ৰয় এতিয়াও তুমি বাৰু আহিছা নেকি ?
          দুখৰ বিলাপ          ------------------          (১) ফেঁহুজালিতে ছিঁ ছিঁয়াই এহালি এমাডিমা শালিকী দেহি ঐ ওঁঠযোৰ কঁপি আছে জাগলপতা বৰষুণ ওৰেটো ৰাতি জুপুৰিত একাঠু পানী ।     (২) বাওধানৰ সজালতা বিৰিশ বগাব খোজে , ৰাতিবোৰ দেওলগা পপীয়া তৰাটি হৈ নিশাটোতে বাগৰি দেহৰ প্ৰতিটো ভাঁজ কোঙা বিষে কোপে জাৰে জহে টঙীঘৰে মুখ মেলি চালে হুৰ হুৰ বতাহ চৰাই ।       (৩) আবেগৰ আবুৰসনা পুৱাটো চিলা হৈ উৰি গ'ল কোন দিশে নাজানো কুৰুৱা পখীৰ পাখিৰ ঢপঢপনি পূব আৰু পশ্চিম ,উত্তৰ আৰু দক্ষিণ সুৰ এটি বাজি থাকিল নিষাদ গান্ধাৰ ৰাগৰ তানত     বিষাদৰ ।
        নদী       --------- নদীক ভালপোৱাৰ বাবেই নেকি পাৰ নমনা যৌৱনৰ ইপাৰ সিপাৰ খুটিয়াও দুকোলটকা বানে ধুই নিয়া বলুকাত খোজবোৰ বিচাৰি চাওঁ।         চাপৰি       -------------- নদীৰ চাপৰিত কি সুৰ বাজে সখী? পলসুৱা বানে থৈ গ'ল তোৰ মোৰ স্মৃতিৰ জিঞা খাটী পাখি  উদঙীয়া বতাহে সৰিয়হ ফুলাই বুকুৰ জলাশয় জেপজেপীয়া বাৰিষাৰ সুগন্ধি।         বৈ গ'ল          ------------ বেলিৰ সুৰুঙাৰে কোবাকোবিকৈ বৈ গ'ল জোনৰ পোহৰত নাচি থাকিল ঢৌৰ কোমল হেন্দোলনি  আইনা কঁপিল মায়াময়  জোনাক শূণ্য নুবুলু আকাশ।      মেঘালী।
                নিচা         কিছু কিছু অনুভৱ লিখিয়ে যাম         আকাশৰ নীলাত কপহুৱা মেঘ           খবৰৰ বাবেই খবৰ            হৃদয়য়িক আত্মীয়তা।               চুই চায় পমি যাওক                শিমলু তুলা পৰি ৰোৱা আঁহবোৰ আউল লগা কালিদাসৰ মেঘলৈ গুচি যাওঁ বলা তাতো থাকেটো বিৰহীৰ বতৰা।              বৰষুণ বৰষুণ ভাল পাওঁ বুলি মিছাতে নকবা ভৰি দুটা তিয়াইয়ে গোৰোহা  পিছলা কথা শেলুৱৈকহে ক'লা, ভূঁই ৰুৱা পথাৰত চুলি তিতা গোন্ধ ভিজা ভিজা আঁচলেৰে  বৰষুণৰ মাদকতা।              গান সামুদ্ৰিক গান এটা হাত মেলি গোৱা অটল গহ্বৰৰ পৰা নামি আহক পৌৰাণিক গীতৰ লয়লাস চিৰিয়েদি গহীন স্বৰত পীড়িত বাসনা শুই পৰক ভাগৰুৱা পখী পুৱালৈ আৰুনো কিমান বাকী?         ...