Posts

Showing posts from May, 2018
                        ৰোমন্থন                                   --মেঘালী ৰাজকুমাৰী  পাটগাভৰু জোনৰ মিচিকনিত  নদীৰ বুকু অজানিতে হেন্দোলনি ঢৌয়ে নাজানিলে সোঁতেও নবুজিলে ৰৈ যোৱা ঘাটত বহিবহি এদিন তামঠোঁটিয়া এটি দহিকতৰা।  প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত আকুল কুলিৰ মাতত বসন্ত আহাৰৰ মেঘ ,শাওণৰ বৰষুণ  নীল পখীৰ সুৰীয়া সংগীত।  আজি এই ভাটি বেলা ভটিয়নী সোঁতত যা বুলি দলিয়াই দিয়া চপৰাটোত কেঁকোৰাৰ কেইবাটাও আঁচোৰ অনাকাংশিত বানে ধোৱা জৰাজীৰ্ণ পঁজাত খোজবোৰ বিচাৰি মুধাফুটা আকাশ।
     মোৰ আই ----------------------   মেঘালী ৰাজকুমাৰী    ১৩/৫/২০১৮ জন্মতে হেৰাইছিল , আনে যেতিয়া আব্দাৰত চিঞৰি মাতে মই জিভাৰ ভিতৰতে বিৰবিৰাও মনৰ জোখাৰে আওতালি পখালি  চুই নাপালো এখন আকাশ। বুজি উঠাৰ বেলিকা পিতাইৰ চকুলৈ চাওঁ কিমান নিসংগ তেও কাৰসতে কৰে সুখৰ আলাপ কিম্বা দুখৰ মৌন ওঁঠত প্ৰতিটো নিশা বিষাদে বৈ থকা নদী ঢৌৰ প্ৰতিটো তৰংগ চাগে বৰষুণৰ কাড় । কিমান বিশাল হব মাতৃৰ হৃদয় যত থাকিব মান অভিমানৰ শেতেলি কিমান মৌসনা হব পাৰেএষাৰি মাত যি মাতত কোঁচ ভৰাই তুলিম বুকুৰ খৰিকাজাঁই । মনত নপৰে আই ভৰা মমতাৰ সেউজী আহিন শৰতৰ নিয়ৰসনা কোমল বনত তোৰ মুখ, শীতৰ খৰাং পথাৰ মইয়ে বিষাদৰ কবিতা  মৰম আব্দাৰহীন দুপৰীয়াৰ জেকা অবয়ব আন্ধাৰতে খেপিয়াও অস্তিত্বহীন জুমুঠি। {আজিৰ কবিতাবোৰ পঢ়ি মই ও আবেগিক}। Buy Mi Power Bank ..... https://amzn.to/2yT7I9W
হৃদয়ৰ তাগিদাত প্ৰেমিক আত্মাই ঘনে ঘনে প্ৰেমৰ সৌধ সাজে জয়াল গুহাৰ বাদুলী মকৰাৰ জালত উলমি থকা দুটি চকুৱে চেৰাপুঞ্জী ,মৌচিনৰামৰ কথকতা ৰচে ।
উল্লাসিত হাঁহিত জাকৈয়া গাভৰু খুলিয়ো নুখুলে মেথনিৰ জৰী তলমুৱা লাজুকী বন প্ৰজাপতি খালৈত নাচি থাকে চেনী পুঠিৰ হাঁহি।  জুইয়ে পোৰা সোণ ,জিলিকি জ্বলেমলায়   বৰষুণ মুখৰ ৰ'দ মেঘে খেলে লুকাভাকু  পূবালী আকাশত তিৰবিৰাই  কাম চৰাই ঠোঁট  উৰি পৰি হাইঠা বুকুতে শুলে  ৰাতিৰ পাহাৰে সলালে পোচাক পোহৰত কেৱল সেউজীয়া ।
নিৰ্দোষ ধেমালি বুলি ভাবিব পাৰো ------------------------------------------------ নিৰ্দোষ ধেমালি বুলিয়ে ভাবিছো কাৰণ ধুমুহাৰ প্ৰৱল গতিটো মন মগজু আছিল বিকল। ৰৌদ্ৰৰ প্ৰখৰতাত গাল গুলপীয়া হ'লেও আইনা চাব নাজানিছিলো জেকা বনত দুভৰি পৰিলেও নাক কোচোৱাৰ বাদে হাতৰ আঙুলীকেইটা একো একোটা  জঠৰতাত ভোগা বেমাৰী। দেহৰ অচল কীটানুবোৰ শ আসনতে  ওপৰমুৱা নিথৰ জ্বালামুখী উদ্গীৰণ! এটা অবান্তৰ প্ৰশ্ন। কিন্তু ,আজিকালি  অলৌগুটি তলৌগুটি খেলি থাকো প্ৰায়ে কি পাওঁ ,সেয়াই পাওঁ বন্ধ দুহাত। পোহৰে পোহৰে কোন আহি গুছি গ'ল অপলক দৃষ্টিত শূণ্য আলিবাট, আন্ধাৰত তিৰেবিৰাই মেকুৰী দুচকু গোহালিৰ কাজলীজনীৰ দুটি চকু বিজুলীৰ সৰকে পুৱতিৰ ৰাতি, ৰাতিৰ পাহাৰত বিমূৰ্ত ছাঁয়া ছবি ক্ষণিক হাবিয়াস।
                        দুটি স্তৱক                                                        (১) আজলী তৰা ,কুমাৰী জোন দোৰোণফুলীয়া হিয়াত বাখৰুৱা মণি ডালিমফুলীয়া গলপতাত চুমি গ'ল দুবৰি সেউজ এটি চৰাই কেতেকীয়া কঁকালত নাচোনৰ পাটমাদৈ সপোন।                               (2) গৰাখহনীয়া জাঁজী বিৰিণা দেহাটিৰ গাগৰি উটে কুহুমবুলীয়া বেলিৰো নেভাগে ঠেহ শীতত শুকাই দুওঁঠ লুকা -চুৰি খেলো কেতিয়াবা  মাথো এটি নিচুকণী গীত ।                 --মেঘালী ৰাজকুমাৰী                     ৭/৭/২০১৭
কেতিয়াবা বিচাৰি চলাথ কৰো শব্দহীন মৌন ভাষাত অব্যক্ত ভাষাৰ যন্ত্ৰণাকাতৰত মূকবধিৰ অবোধ স্পৰ্শকাতৰতা ।   খৰালিৰ নদী চৰত উত্তপ্ত বালি খোজৰ চাবত মৰীচিকাৰ কৰুণ চাৱনি এই যেন হেৰাব হেৰাব আজি ।  বতাহৰ খোজত খোজ মিলাই আবেগৰ আদিতম পখী শিমলু ডালত ওলমি আছে আকাশৰ এমুঠি নীলা মদাৰৰ জুই শিখা ছাঁই নোহোৱাকৈ থাকক দিয়া মোৰ চোতালৰ দূৱৰিত তোমাৰ সেউজীয়া ।
বৰষুণৰ প্ৰথম আলাপ আজি ভৰা আকাশত মেঘৰ দুন্দুভি এই সৰি পৰিব মুষলধাৰে বাৰিষাৰ আকাশ বাউলি । কোন অতীতৰ বাঁহীৰ মূৰ্চ্ছনা  কিয় শুনো গহীন তৰংগত হেৰাব খোজো ------  হেৰুৱাইটো আহিলো কজলা মেঘনা বুকুত । ভৰ বৰষুণ , -------- আবেগিক কি সুৰীয়া তান পৌৰাণিক ৰাগৰ গহীন লয়লাস ঝনঝনাই উঠিছে দেখোন সপোন হেৰুৱা বাটত এপলক ৰৈ চাইছো চাতক পখীৰ চকুত সেউজীয়া আশা বৰষুণ বৰষুণ ।
কাব্য গাথা ---- [১২] ---- নতুন বছৰ ------- কিবা জানো দেখিলা? পালা কি ? চাকিৰ এলান্ধু দিনপঞ্জী আঁতৰাই থলো । ফুটুকলানি ঢিপত বহি যি সপোন মোৰ বেঙুনীয়া জামুকীয়া ৰঙে, ওঁঠ দেখোন বোলোৱাই নহ'ল । কাজল কাজল কজলা চকুত ধুসৰ সন্ধিয়া বেথাৰ বৰষুণ । মাত্ৰ এলান্ধুৱা দিনপঞ্জীখন বেৰৰ পৰা আঁতৰাই থলো । ------ মেঘালী ।
কাব্য গাথা ----[৮]   যোৱা কালি আকাশত ইমানবোৰ মেঘ বৰ্ষণ মুখত বিজুলীৰ আবেশ   আজি দেখোন তৰায়ে বাচিছে ফুল চকুত ভাঁহিছে ৰঙীন সপোন।   নিচুকনি গীত গোৱা হ'ল নেকি বাৰু ৰাজকুমাৰী জুনুকা সোণৰ খাৰু।   খেল খেলা শেষ হ'ল ঘৰাঘৰি বল অলৌ গুটি তলৌ গুটি কচুগুটি ঘাই ৰজাৰ ঘৰ ভাঙিম নে নেঙাঙিম  কলী ঔচ বগী ঔচ ঘেকেচ্  ল'ৰা খেল শেষ ।
কাব্য গাথা ------  [২]  সৰল গছবোৰৰ গুটি সৰিছে  কুঁৱলী সনা একা বেকা বাটত খোজবোৰে ভৰি পোনাই ইউক্লিপ্টাচৰ মসৃণ ডালত  জুপুকা মাৰি এটি হেটুলুকা চৰাই ---- উৰ্ধমুখী ।  গভীৰ জলাশয়ৰ পানীত বুদবুদাই বহুৰঙী ৰামধেনুৰ প্ৰচ্ছায়া  সেন্দুৰীয়া পুঠি মাছৰ উজান বজাৰ  উৰ্বৰ আকাশত মেঘৰ মালিতা ।  মেঘ মেঘ শুকুলা মেঘ কপহুৱা বুকুয়ে চুবলৈ খোজে ৰ'দ ৰ'দ তেজ ৰঙী ৰ'দ  প্ৰতিটো কণিকাৰ দুৰন্ত আবেগ ।
                    কাব্য গাথা                              [১১]  ফিচাখনৰ বাবেই নিজান পানীটো  নেদেখে পানী তলৰ কাঁইট  বেলিফুলৰ গোন্ধ নাকত সানি ডেওডৰিকণা , শিঙি মাছে চুই চায় শেলুৱৈ পাৰত ।                                --- মেঘালী
        কাব্য গাথা ----            [৪]  অশান্ত প্ৰজাপতি  শিলিখা পাতৰ চোতালত  ফেৰ মেলি বহিল  দুচকুত আখৈ ফুল ।
আজিও নেদেখিলে জোনে জলকুঁৱৰীৰ খোপাৰ মুকুতা জোনাক ঢালি দি চকু মেলি চালে আন্ধাৰে আন্ধাৰে এক অশৰী আত্মা ।  -------- মেঘালী
কাব্য গাথা -----  [১০]  কুঁৱলী পৰা দিন বুলিয়ে ইমানকৈ পৰেনে  কাউৰী কা টোকে নুশুনি ।  এই পাৰৰ চাপৰিত ৰিং এটা শুনিলো ইপাৰৰ সৰিয়হ ফুলিল হবলা  শুভ্ৰতাত খুটিয়াই কাম চৰাই ঠোঁট (ৰঙা) ।  ------- মেঘালী
কাব্য গাথা ----- [৯]             আত্মজ গোলাপী কোমল ভৰি  পৰুৱাও নাপালে সাৰ ।  আন্ধাৰে আন্ধাৰে কোন কেনি গুছি গ'ল,  দ চানেকীয়া খোজ  পুৱাতে দেখি বিষাদ বিষাদ ।               -------- মেঘালী ৰাজকুমাৰী ।
কাব্য গাথা ---- [৬] --- কবিতা ----- বান্ধোন চিঙি সেউজ অৰণ্য আবেগৰ বিনিন্দ্ৰ ৰজনী কুমাৰীত্ব নেহেৰুৱা ফুলশয্যা ৰাতি । ভোকৰ ৰুটি ,টোপনিৰ মদ । ----- মেঘালী ।
কাব্য গাথা --- [১] চকু চাট মৰা পোহৰ কণিকা নিষিদ্ধ নাগমণি ছাঁয়া ভৰি কুটকুটনি ,চকু পোৰণি এমা - ডিমা আমৰলি পঁজা । ----------- মেঘালী ৰাজকুমাৰী ।
কাব্য গাথা ----[৮] যোৱা কালি আকাশত ইমানবোৰ মেঘ বৰ্ষণ মুখত বিজুলীৰ আবেশ আজি দেখোন তৰায়ে বাচিছে ফুল চকুত ভাঁহিছে ৰঙীন সপোন। নিচুকনি গীত গোৱা হ'ল নেকি বাৰু ৰাজকুমাৰী জুনুকা সোণৰ খাৰু। খেল খেলা শেষ হ'ল ঘৰাঘৰি বল অলৌ গুটি তলৌ গুটি কচুগুটি ঘাই ৰজাৰ ঘৰ ভাঙিম নে নেঙাঙিম কলী ঔচ বগী ঔচ ঘেকেচ্ ল'ৰা খেল শেষ ।
মৰুভূমি ------------- মৃত্যুও মোৰ উত্তাপ কোলা জীয়াই থকাটোও দুৰাৰোগ্য যন্ত্ৰণা । ------------------------------------- মৰীচিকা ------------ ৰূপ বুলি গুচি যাওঁ ভাগৰুৱা খোজত নৈ বুলি গুচি যাওঁ গলধন হেচুকী লাখুটি ভৰত । শেষত ----------------- আহ অ' এজাক বানে বোৱা বৰষুণ মই আতুৰ ,তৃঞ্চাতুৰ বহুদিনে বহুকালে । -----------------------------------------------
আমি আমাৰ প্ৰেম -ভালপোৱাক চেলিব্ৰেট কৰো আহক আচলতে আমি প্ৰত্যকে প্ৰেমত পৰো  ফুল ,তৰা ,গান ,আবেগ,অৰণ্য আকাশ, আপোনাৰ ,তোমাৰ ।  কোলাহলত লগ পালো আপোনাক আবেগত লগ পালো  বাছ ষ্টপেজৰ তিনিআলিত ষ্টেচনৰ ষ্টিট লাইটৰ পোহৰত দেখিলো  গন্তব্য স্থান সামৰি ঘৰা -ঘৰি  মৃদু এটি গুঞ্জন হৃদয়ত । কেতিয়াবা এজাক ডবালপিটা বৰষুণ কেতিয়াবা পুৱাৰ ৰৌদ্ৰজ্বল আভা  কেতিয়াবা ডাঠ কুঁৱলী ফালি জোনাকী নিশা কেতিয়াবা গৰখীয়া পেঁপাৰ বিষাদ গাঁথা ।  শূৰ্পণখাৰ নাক কাটি যুদ্ধ জয়ৰ ঘোষণা  সীতাৰ বিষাদ গাঁথা কোনেও নুবুজা  কুন্তীৰ কালিমা কোনো কালে নুগুচা গান্ধাৰীৰ অন্ধকাৰৰ জয়াল পিতনি  সহস্ৰজনৰ মাজত ৰাজসভাতে দ্ৰৌপদীক উলংগ কৰাৰ প্ৰয়াস আবুৰ দিয়া ,ছন্দ্ৰমল্লিকা চটিয়াই ঘ্ৰাণিত কৰা । নিৰ্ভয়াৰ তেজৰ কীটবোৰ সমাধি দিয়া বেলতলাৰ কলংকিত কিৰিলিবোৰ জ্বলাই পেলোৱা  বৃহৎ এটা ছাইপ্ৰেছ সাজা ।  পোচাকযোৰহে আধুনিক ,আতঁৰাই চালে দেখিবা প্ৰেম -ভালপোৱাৰ পুৰাতনী ৰূপ কালিদাসৰ মেঘদূত ,ডান্টেৰ ডিভাইন কমেডিয়া শ্যেলি ,কীটচ্ ,গ্যেট ,গনেশ গগৈৰ বিষাদ মিশ্ৰিত আশাৰঞ্জিত কবিতা,  খলা -ব...
এই যে ভি ডি ফুটেজবোৰ আহি আছে আপোনাক কি বুলি কৈছে? পেজটো লাইক কৰক পাৰিলে আপুনি কমেন্ট কৰিব। কৰুক্ষেত্ৰৰ মহাসমৰ তাই আষ্ফালন কৰিছে টানি আজুৰি দেহৰ বস্ত্ৰ ফালি উলংগ আৰু  দুজনমানে কি কৰিছে? তাইৰ স্পৰ্শকাতৰ দেহবোৰ দেখুৱাত ব্যস্ত আমিবোৰ সহানুভূতিৰ হুমুনিয়াহ কেৱল উহঃ । কেৱল উহঃ য়ে কৈছো বুলি আপুনি হয়তো ধৰ্ণা দিব মোৰ ওপৰত ৰাজপথ উত্তাল কৰিব কিন্তু একো নাই আপোনালোক উফ আৰু হুমুনিয়াহৰ  একো একোখন ফ্লক মইয়ো। নহ'লেনো লাইক কমেন্টৰ পেজ খুলি ভাইৰেল কৰি যায় নে  একে কেইটাই ভি,ডিঅ ক'লা সাপৰ ফনাত গুজিব পাৰেনে নিস্পাপ চকুবোৰত ভয়াৰ্ত প্ৰলেপ । ক'লো --------- আপোনালোকক একো যদি কৰিব নোৱাৰে সমাজ কলুষিত কৰাৰ অধিকাৰ আপোনালোকৰ নাই ভিউৱাৰচত বাহঃ বাহঃ লবলৈ গৈ আপোনালোকেই বিষাক্ত বতাহৰ গৰাকী জানি থোৱা ভাল। যে ভি ডি ফুটেজবোৰ আহি আছে আপোনাক কি বুলি কৈছে? পেজটো লাইক কৰক পাৰিলে আপুনি কমেন্ট কৰিব। কৰুক্ষেত্ৰৰ মহাসমৰ তাই আষ্ফালন কৰিছে টানি আজুৰি দেহৰ বস্ত্ৰ ফালি উলংগ আৰু  দুজনমানে কি কৰিছে? তাইৰ স্পৰ্শকাতৰ দেহবোৰ দেখুৱাত ব্যস্ত আমিবোৰ সহানুভূতিৰ হুমুনিয়াহ কে...
হাইকু ----------------- কপহুৱা মেঘ মোৰ নামিয়ে তিয়ালি বিৰিনা দেহা সৰুদৈয়া জাপিৰে  বান্ধিলো বহাগক, ই যে সুখৰ পথাৰৰ সঁজাল কঠিয়া জোনাকৰ আঙুলিত লিহিৰি গগনা ৰঙদৈ নাচনী আবেগৰ বতৰা।
সখীয়তী গোলপীয়া ঠোঁট কি বুলি মাতিলি তই? পাটমাদৈ ময়ে উদাস ফাগুন কিছু পৰ। হাবি ফুলে কলিয়াইছে কামিনীকুসুম।
যি সত্য -----------------------         মেঘালী ৰাজকুমাৰী। সিৰিককৈ সৰি পৰোতে শিহৰিত মাথো কিছু ক্ষণ তামৰঙী হেপাহ এটাটো শিশু হাঁহি কুমলীয়া কুঁহিৰ গজালি। তেওঁ আহিছিল পদুলিমুখত আখৈ ফুলৰ অনেক থোপা গুচি যোৱা বাটত গধূলী গোপাল নঙলাত ধূসৰ ছবি। অহা আৰু যোৱা ,যোৱা আৰু অহা জ্যামিক অংকৰ নুবুজা শৰীৰ এই জানিও স্পন্দিত সত্যত আন্ধাৰে চুই চাই সামান্য পোহৰ শাওনৰ প্ৰখৰ ৰ'দত চহাই বোকা কৰা পথাৰ ৰোপন সেউজৰ বাবে আমি লিখি গ'লো প্ৰেয়সীৰ নামত প্ৰেমৰ কবিতা। এৰাপৰলীয়া ঘাটৰ নাৱৰীয়া মৰা সুঁতিত ডিঙ্গা বাই উভতনি সোঁতৰ বঠা ভাগৰিও নাভাগৰে শদিয়াৰ শতফুল লোণেৰে এসাঁজ ৰিং এটি বাট এইয়াই সত্য ।
বাৰিষা -----------------          মেঘালী ৰাজকুমাৰী শিলা বৃষ্টি ৰাতিৰ যি নৈশব্দতা গহীন বনত কেঁচুৰ মাত পিট পিটাই ন -পানীৰ লালুকী জেকা বনত পৰি ৰয় পখিলাৰ এটি দুটি পাখি। চ'তৰ বাউলী বা চুলি উৰি আকাশ চুমে কাকৈ ফনি আজুৰি পেলা আৰ্চীত কিনো চাবি মুখ আকাশে ঢালিব মৌ জোন জিলিকিব জিলিকিব জোন ফটফটিয়া পানীত হাঁহি এমুকুৰা।
প্ৰতিটো শিলতে  ঈশ্বৰ আছে শিল তথাপিও আন্ধাৰৰ প্ৰতীক । গুহাৰ নিৰ্জনতাত খুদিত আঁচবোৰ শিলে মাত্ৰ জানিছিল তেওঁ নিবিচাৰে ৰঙৰ আঁচোৰ অথচ, অজানিতে  ফাকু গুৰিৰ আবুৰ । শিল কঠিন শিল নিৰ্জীৱ তথাপিও, কঠিনতাৰ আঁৰত কঠিন কোমল জলছবি উপাসকৰ শান্তিৰ বাণী।
জুই ফুলা ফাগুনত আকাশলৈ যদি চোৱা মদাৰৰ চুপহিতে  অজস্ৰ ঠিকনা। হৈমন্তী ৰাতিৰ জোনাকী পৰুৱা টিপ চাকিৰ পোহৰ যেন উঠা নমা সোনসেৰীয়া আঘোন নৰা পেঁপাৰ সুৰ এটা।

জালি কটা ৰিহাৰে ঢাকিলেনো কি হব নৈ পানীত জিলিকা জোনৰ ছবি।

কবি ------------------------------------               --- মেঘালী ৰাজকুমাৰী গহীন ৰাতি কোন আছিল উজাগৰে কি চৰাইৰ ওঁঠত বাজে বিষাদ ৰাগিনী আঁক বাঁকে সুখী কৰিলে তেওঁ কবি। বিষন্ন এখন মুখ ডাৰি গোঁফে বুভুক্ষা বাটে বাটে নিতৌ বজাই বীণ সন্ধিয়া পদূলি টিপ চাকি পোহৰ জোনৰ আকাশত তৰাক সুধে মোৰ খেৰি জুপুৰিত আৰু কিমান দিন, বৈৰাগীৰ বীণত কি সুৰ বাজে কবিয়ে ক'লে। ফল ফুল পোকে খালে অৰণ্যত জুই জ্বলে কোন থাকে চকু মেলি তাত ভাৱনাৰ সীমনাত তেওঁ আঁকে মালিতা তেওঁয়ে কবি। সন্ত্ৰাসৰ পৃথিৱীত বাৰুদৰ ছাঁইবোৰে কাৰ বুকু কৰে কজলা কোন নিৰীহে জীয়া জুইত পৰি বিনাই কবিৰ কলমে দিয়ে সান্তনা । প্ৰেমৰ পথাৰত গজি উঠা বনবোৰ শীতত যেতিয়া  লঠঙা কটঙা মাটিৰ জোঙাল খোজৰ তেজ বোৱা নৈ খন কবিৰ ভাৱনাই সহস্ৰজনৰ লগৰীয়া। ( কবিতা দিৱস বুলি)।
বহুদিন হ'ল ------------------ বহুদিন হ'ল ,কোনো কাৰো মুখ নেদেখা অথচ তেওঁলোক আছিল এসময়ৰ সহযোদ্ধা, বৰষুণ নাছিল যিদিনা বাৰীৰ ঢিপত বহি পাতি আছিলো বসন্তত ফুলি মৰহী যোৱা ফুলৰ কথা। কোন বাটে আহে শৰৎ কোন বাটে শীত কোন বাটে ফাগুন কোন বাটে বসন্ত মৰহী যোৱা বননিত অৱশেষত বৰষুন। বেবিলনৰ বাগিছাত খৈয়াম আছিল শুই কবিতাৰ মেহফিল তৈয়াৰী ৰাতি কি সুৰ বাজি উঠে বাজি উঠে সুমধুৰ গুনগুনিতে ফেঁহুজালি কাটে পুৱাই হিৰন্ময়ী সুৰুযে যাচেহি চুমা। কি দিন আছিল ভাৱনাত চৰাইৰ ডেউকাৰে আকাশ আকাশ মধুময় ক্ষণ জাকৰোৱা জাকৈয়া ছোৱালীৰ ৰং ফুটুকলা হাবিয়নিত বেঙূনীয়া দুওঁঠ টুক টুক চাপৰি বা অ' সখীয়তী ঘুৰি ঘুৰি উৰি ফুৰা আমি কনুৱা বহুদিন হ'ল কোনো কাৰো মুখ নেদেখা।
                  ভাৱৰ স্তৱক                                  ----মেঘালী ৰাজকুমাৰী              (১) আচলতে কথাবোৰ ইমান সহজ নাছিল মই ভবাৰ দৰে আচলতে ভাষাবোৰও ইমান সৰল নাছিল ৰৈ যোৱা ঘাঁহনিত পদুম খোজৰ ৰামধেনুৰ সাতোটি চিত্ৰকলা।           (২) জোনৰ পোহৰত ব্যঞ্জনাময় যমুনা গহীন কঁপনি ঢৌৰ বুকুত অদৃশ্য চিত্ৰাৱলীত নেদেখা বাঁহীৰ সুৰ সমুদ্ৰৰ পাৰ নিচিনি অচিনা পক্ষীৰ ডেউকাত ঢপঢপনি নাক গুজি শুঙি চোৱা তগৰ ,বকুল ,মালতী ,শেৱালী।         (৩) প্ৰকৃততে, ক'তোৱে একো নাই তথাপিও জোনৰ পোহৰত জলমল যমুনা অদেখা বাঁহীৰ সুৰ, মেঘৰ বুকুত বাঢ়ি অহা এচকলা ডাৱৰ সুৰ হৈ গোন্ধায় ভাগৰুৱা হৈ জিৰায়।
মেঘমল্লাৰ  ৰাগৰ তানত কাক জ্যোৎস্না ৰাতিৰ পানী পিয়া চৰাই গভীৰ নলীনাদত ভুমুকিয়াই  -------উহঃ এন্ধাৰ -------     ইমান জয়াল ।                                                                      - -- মেঘালী ৰাজকুমাৰী ।                               
                        মাটি ঈশ্বৰ                                     --- মেঘালী ৰাজকুমাৰী আপুনি অনুভৱী অনুভৱৰ চুক কোণবোৰ এখন আইনা লগা খিৰিকিৰে চাই থাকে নিতৌ আপুনি কব খোজে বহু কথা কিন্তু নকয় কাৰণ বঙলাৰ মুখা পিন্ধা ৰঙবোৰ বেয়া পালেও চতুৰতাৰে সানি থয় (আপুনি)। জুপুৰিৰ মানুবোৰে আপোনাৰ ৰঙবোৰ ভাল পায় আপোনাৰ মাজতে অলেখ আলোচনা আপুনি বৰ সুখী মানুহ আপুনি ওখ মানুহ ,ওখ ঘৰত থাকে সহজতে ঈশ্বৰক পায় কিন্তু ! ঈশ্বৰলৈ একেটাই বাট । মাটিৰ মানুহজনৰ আজি গড়া খহনীয়া তেওঁ ও অনুভৱী গুছি গ'ল এডোখৰ নিজান ঠাইলৈ অভাৱে জুৰুলা অভিজ্ঞ পুষ্ট, হঠাৎ দৃষ্টি ,এটি টুনীৰ বাঁহলৈ প্ৰতিবাৰে ধুমুহাই উৰুৱাই নিয়া টুনীৰ বাঁহ একেই থাকে । উভতি আহি আন্ধাৰ কোঠাত জ্বলিল চাকি মাটি ঈশ্বৰ।
Image
ঘোঁৰাৰ চেঁকুৰ তেজস্বী শৱদ শুনি আছো মই। অনুভৱৰ পান্থশালাত সুৰুযমুখী ফুল নদীৰ মোহনাত চাকনৈয়া মন মগজু । যোৱা ৰাতি চাপৰিৰৰ সৰিয়হ ডৰাত পখিলা খেদিলো ঠুনুকা পাখিৰ আবেশ এইয়া হাতত।
এপ্ৰিল ফুল                                       --- মেঘালী ৰাজকুমাৰী এনে এটা সাধু আছিল, ফুলবোৰ ফুলিছিল ফুলৰ বাবেই , এনে এটা দিন আছিল,ফুল আৰু ভোমোৰাৰ নিঁভাজ চুম্বনত নাছিল কোনো আক্ষেপ ,অনিহা, আছিল অভিমান ক্ষণিক ডাৱৰৰ ওন্দোলা আকাশ। এনে এটা দিন আহিল ফুলবোৰ তলমুৱা জয় পৰা ছবি ভোমোৰাৰ  ৰ'দ কাচলিত হঠাৎ বিজুলি, বাস্তৱতাৰ দপোনত মুখ চাই আপোনা আপুনি ধেনুষ্ঠংকাৰত ভুগিছে ফুলৰ কলি । Buy " Ashimat Jar Heral Hima" https://amzn.to/2MwppOu
অনুভৱবোৰ একেই হৈ আছেনে?                               - --মেঘালী ৰাজকুমাৰী ৰাতিৰ টোপনিটো জাৰি জোকাৰি ভাবিলো দ্ৰুত গতিত সময়বোৰ সলনি হৈছে, পুৱাতে চাইকেলখন লৈ দেউতা ওলাই যায় গধুলি আহি ধুলিবোৰ মোহাৰি থয় মই চাই থকা ৰেলি চাইকেলখন অনুভৱ। নিশাটেো খপি খপি বিলৰ মাছ ধৰি আনে মোৰ বাগানীয়া ককাইহঁতে ৰাতি পুৱাল কি  নোপোৱাল "মা"য়ে বাছি আছে এটোপোলা মাছ। নিশা মায়ে মহুৰা বাটে দিনৰ চকু ৰঙীন চানেকি গুটি ফুলৰ গামোচা বুটাত সপোন দেউতাৰ উৰুকাত বকুল ফুল নিচিঙা সুতা মনে মনে চিঙি মইয়ে আউল। নাদৰ পানী তুলি নোওৱা ধুওৱা ন কইনাৰ ন পানীত শামুক বুটলা ছাঁ জুখি ওখ হ'লো কিমান দুপৰীয়া অনুভৱত কত মোৰ লগৰীয়া। ভালপাওঁ বুলি ক'লেই ৰঙা পৰা গাল অনুভৱত পিতাইৰ চেকনিডাল আইয়ে চাগে নিদিব ভাত আইতাৰ গাতে লাগি সামৰিম  লাজ ডাকোৱাল , টিলিঙা দূৰৈতয়ে বজাবি । সলনি -------------- দেউতাৰ চাইকেল কেৰকেৰণি বিকট আৰ্তনাদ ক্ষসহিঞ্চু সমাজৰ ধোঁৱা আৰু ছাঁই পখীবোৰ গুচি গ'ল কোন কাহানিবাই অৰণ্য এৰি এৰাসুঁতিৰ এচলু পানী বিচাৰি , "মা...
             কবিতাৰ ৰম্যভূমিত                                      --- মেঘালী ৰাজকুমাৰী                                          ১০/ ৪/২০১৮ গোন্ধহীন বননহৰুৰ ফুল পুৱাৰ শুভ্ৰতাত বেলিয়ে হাঁহেনে তই কিন্তু হাঁহিলি । বাঁহৰ মেখেলাত টুক টুককৈ বুলাই দিয়া কুঁহিপতীয়া ৰেখবোৰ গোন্ধ  তাতেই । ক'তনো আৰু আবুৰৰ গইনা লৈ মেঘৰ চিত্ৰকলাত ব্যঞ্জনাময় নীল বেঙুনীয়া ৰহন বুলাবি আকাশে দেখোন জানেই  সময় সীমা কিমান । তথাপিও , আছেটো আছে চাট্ কৈ পৰি মৰা মেঘৰ ঢেৰেকণি নাইটো আছে পানী মিঠৈৰ সুস্বাদু লিকলিকিয়া লেলাউটি অকন । মায়াব'ৰ বাঁহীত সন্ধিয়া শ'ৰালিৰ খিটখিটনি ভ্ৰমণৰত মন মগজুত নিচা পকাথেকেৰা নয়নযুগলে বিৰবিৰাই বনৰীয়া সুৰ হৈ সুৰ হৈ .................... সুৰ এটি হৈ।
                      পিৰিতি                                       --- মেঘালী ৰাজকুমাৰী                                       ১৪/৪/১০১৮ তেজগোৰা বেলিৰ ক'তটি বসন্ত একেপাকতে জীপাল হ'ল ৰঙা জিঞা পাখি বাহ পাতত উৰিছে গড়গাও কিমান দূৰ বাট। উৰুখা টঙীত পথাৰ চপচপীয়া এদেউ দুদেউ উঠন বুকু গিৰিশিখৰে বোৱাই পেলালে নিমজ এধাৰি জুৰি, নিৰ্জন পানীত গোলাপী ভৰিৰ পুমৰ চকাহে নাচিল যেন পদুমৰ চকাহে নাচিল হাঁচতিৰ গাঁঠিত এপাচি হেঁপাহ।
জীৱনৰ ৰং                                 ---মেঘালী ৰাজকুমাৰী                                      ১৯/৪/২০১৮ যি ভাবি পালো প্ৰত্যকৰে জীৱনৰ ৰঙবোৰৰ একো একোটা অৰ্থ আছে প্ৰত্যেকৰে ৰঙবোৰৰ মহিমাও আছে, যদি তুমি বিচৰা অৰ্থৰো ও অৰ্থ মহিমা তাতে।         (২) তেওঁ ও জানে গঢ়োতা আমি মাটিৰ পুতলা কাৰ চেলাউৰী কিমান দীঘল হ'লে বাহ বান্ধিব এযোৰী চকুৱে কাৰ জোখেৰে ওঁঠযোৰী সানিলে গোলপীয়া হব পাৰে এখন জিভা ।          (৩) তথাপিও তেওঁ কব বিচাৰে ঠুনুকা মৃন্ময় নহওঁ নান্দনিক সূৰ্য্যাস্তত বুৰ যাব খুজি ৰাতিৰ এন্ধাৰত জাগতিক ৰশ্মিত মুঠিয়াই চায় ভিন্ন ৰঙী কাঁয়াকল্প শংখ নিনাদত বুৰ যায় চৌপাশ।          (৩) এদিন তেওঁ বিচলিত নহয় এইয়াও নহয় চৰ চাপৰিৰ বঁকিয়াইদি সোণসেৰিয়া বেলিটো নীৰৱে গুছি গ'ল বুলি চোবাব খুজে নিজকে নভবা মাটিৰ প্ৰতীমাক পুণৰ লেউ দি গঢ়ে । ...
                            সময়                                       ----মেঘালী ৰাজকুমাৰী                                                                    ২২/৪/২০১৮ ঘড়ী কাঁটাৰ টিকটিকনি উনাই যেতিয়া সময়বোৰ গুচি গৈছিল কোনো দিনে কোৱা নাছিলো সৰাপাতলৈ বসন্ত অহাৰ খবৰ। নাহৰৰ মসৃণ দেহত চিপচিপিয়া বৰষুণ সুললিত ৰাগ চুপহি সৰিছিল নে চুপিছিল তাতো নাছিল আবেগৰ খবৰ। ন পানী পথাৰত কেঁচু কুমতিৰ তান জীৱনে দিবনে যৌৱনৰ সঁফুৰা সংগ্ৰানে সীব নে এককাল পানী তাতো নাছিল একো খবৰ। এতিয়া, সময়ক সময়ে বান্ধি খবৰৰ বাবে অজস্ৰ খবৰ মুখৰ প্ৰতিছব্বিত আন এখন মুখ । বিষাদ ,স্মৃতি জৰ্জৰিত শেতা চাঁৱনিত কোনোবা নোহোৱা খবৰ উদাস বুকুত কঁপি থাকে জান নিজান এখন তৈলচিত্ৰ।
                          যি মোৰ ছাঁ                                           ---   মেঘালী ৰাজকুমাৰী অৰণ্য মানেই সেউজীয়া সেউজীয়া মানেই ভিতৰি ভিতৰি বাঢ়ি অহা উমাল উত্তেজনা । শিপাৰ পৰা ডাললৈ ডালৰ পৰা কাণ্ডলৈ কাণ্ডৰ পৰা পাতলৈ উৰ্ধমুখী ডিঙা বাই আকাশৰ পৰা আকাশলৈ । মই ৰৈ থাকিলো , ৰৈয়ে আছো সেউজীয়াৰ পৰা হালধীয়া হালধীয়াৰ পৰা তামবৰণীয়া তামবৰণীয়াৰ পৰা সৰি নপৰালৈকে। আজি কালি অৱশ্যে বিচলিত নহওঁ  এইয়াও নহয় চকুৰে মনিব পৰা সমতল বালিচৰত এখোজ দুখোজ কাছৰ খোজ ৰ'দ ৰঙা আবেলিটোত চেচুকীয়া বন চাক ভাঙি মৌবোৰ অনাই বনাই ভুনভুনাই। মৌন চোতালত বহি ভাবি আছো নৈ চাপৰিত সৰিয়হ ফুলাৰ কথা। আৰু মোৰ ছাঁ? পুৱাৰ কোমল সুৰুযৰ ঠিকণা
              এনেকৈয়ে চলে জানো                                                        --   মেঘালী ৰাজকুমাৰী । গছ বুলি আমি বগুৱা বাই গৈ আছো পাতে ফলে ভৰুণ গছ সেউজীয়া বুলি গছকি খোজ কাঢ়ি আছো পথৰ হালধীয়া বন স্বাধীন বুলি স্বাধীনতাৰ বৰ বৰ কথা পাগুলিছো কবিতা বুলি পকী চাদত বহি শব্দৰ মালা গাঁথিছো দুখৰ লেলাৱতী ,প্ৰেমৰ ভোগজৰা লেউ দি সানিছো মাটিত আইৰ দুখ ,পিতাইৰ অসুখ নিমখীয়া ঘাম বুলি চেলেকি আছো । কিন্তু গণ্ডগোলটো ক'ত ? গছৰ ফলবোৰ পুকীয়া,  সৰো বুলি ভাবিও নসৰে পাত জীৱন পথত ধূলি আৰু ধোঁৱা  আদবয়সতে চকুত চলিহাই ধুৱঁলী- কুঁৱলী বাট পথ । প্ৰতিবাদৰ জুই জ্বলিছে যিমান আবেগৰ ফিৰিঙতি তুংগত চগা হৈ পৰিছে ,ফিনিক্সৰ দৰে নোহোৱা হৈ গৈ আছে ,উতপ্ত মৰুভূমি যত সৱ মৰীচিকা । গোলকীয় প্ৰেমৰ হাট সেউজীয়া গানত ,নীলা আকাশ ডি,জে গীতৰ তালে তাল...
                 সময়ৰ তিনিটা স্তৱক                                   -----   মেঘালী ৰাজকুমাৰী                                  {১} কোনোদিনে নুফুলা ফুলৰ চুপহীত পাঁচো আঙুলিৰে বোলোৱা হাত শুকান পাহাৰত থেকা খাই ঘূৰি আহে বেলি পৰা পশ্চিমৰ ঘাট ।                 {২} সোণোৱালী ধাননিৰে বোলোৱা বাটত শিলত দুখ পায় দুভৰি তেজ ৰঙা আকাশত পলাশ ,শিমলু সোণাৰু বুলীয়া বুল বসন্তৰ বুকুত মুৰ গুজি হাঁহে  কুমলীয়া জীৱনৰ সুৰ ।              {৩} কোন বাৰু আপোন ,কোন বাৰু পৰ সৰা পাতৰে ঘৰ হালধীয়া পালতৰা পানেচৈ বুকুত ভাটিয়লী ভটিমাৰ স্বৰ জুপুৰিৰ ইকৰা ফাঁকত ঢিমিক -ঢামাক  টিপচাকিৰ পোহৰ ।
                              ৰোমন্থন                                                                              --- মেঘালী ৰাজকুমাৰী ( অতিথিৰ ভাষণত কবি , সাহিত্য সাধক অজিত বৰদলৈ দাদায়ে ক'লে ------- আগৰ কবিতাবোৰে হৃদয় আৰু মগজু দুয়োটাই আলোড়িত কৰিছিল। আজিকালিৰ কবিতাবোৰে মগজুতহে আঘাট কৰে ) ।" পাটগাভৰু জোনৰ মিচিকনিত  নদীৰ বুকু অজানিতে হেন্দোলনি ঢৌয়ে নাজানিলে সোঁতেও নবুজিলে ৰৈ যোৱা ঘাটত বহিবহি এদিন তামঠোঁটিয়া এটি দহিকতৰা। প্ৰানে প্ৰানে ঠোঁটিয়াই গহীন ঝাৰণিত আকুল কুলিৰ মাতত বসন্ত আহাৰৰ মেঘ ,শাওণৰ বৰষুণ নীল পখীৰ সুৰীয়া সংগীত। আজি এই ভাটি বেলা ভটিয়নী সোঁতত যা বুলি দলিয়াই দিয়া চপৰাটোত কেঁকোৰাৰ কেইবাটাও আঁচোৰ অনাকাংশিত বানে ধোৱা জৰাজীৰ্ণ পঁজাত খোজবোৰ বিচাৰি মুধাফুটা আকাশ।
                মকবুল ফিদাৰ গজগামিনী                                       --- মেঘালী ৰাজকুমাৰী অলপ পোহৰ অলপ ছাঁ অলপ নীলা অলপ বেঙুনীয়া অলপ জয়াল অলপ হেঙুল হাইতাল গহীন স্বৰত সমুদ্ৰৰ গান। এই  যেন পাহী মেলিব ফুলে স্নানগাৰত স্নান কৰিব সদ্যযৌৱনা এপদ এপকৈ খুলিব দেহৰ আবুৰ কিন্তু! নেদেখা তাই অনাবৃত্ততা সৌন্দৰ্য মাত্ৰ সৌন্দৰ্য সৌন্দৰ্যৰ ৰাণী গজগামিনী। উহঃ কিমান আৰু ছাঁ পোহৰৰ খেলাত নিমগ্ন হওঁ জিভাই লিকলিকাই আছে মগ্নতাৰ শেষ প্ৰান্তত আচাৰি চালো তোমাৰ অকনমান পোহৰ আহঃ তৃপ্ত মই চকুহাল মুদি উপভোগৰ সময় এইয়া । এতিয়া মোৰ প্ৰশ্ন ফিদা কি আছিল ইয়াত যাৰ বাবে স্বদেশৰ পৰা নিৰ্বাসিত? দেশৰ কোম্পানীবোৰে নাৰীৰ উদং দেহক লৈ কোটি কোটি ধনৰ পাহাৰ সাজিছে সমাজ  ,আইনে উজান দিছে, ক'ত সেই আকাশলংঘী আতচ্ বাজী যাৰ আস্ফালনত কাণ তাল মাৰিছিল ক'ত সেই বনজুই যি জুয়ে পুৰি ছাঁই কৰিছিল তোমাৰ আকাশ। আমেৰিকাৰ আকাশৰ ভোটা তৰা আমি আজি নিচিনো তোমাক আমাৰ আকা...